
মুকলি সভাত জনজাতি ৰাইজক হিংসাত্মক কাম কৰাৰ বাবে উচতনি বিধায়কজনৰ।
মুকলি সভাত জনজাতি ৰাইজক হিংসাত্মক কাম কৰাৰ বাবে উচতনি বিধায়কজনৰ।
মৰিগাঁওৰ বিধায়ক ৰমাকান্ত দেউৰী বিতৰ্কিত মন্তব্য। মুকলি সভাত জনজাতি ৰাইজক হিংসাত্মক কাম কৰাৰ বাবে উচতনি বিধায়কজনৰ। সভাত দেউৰীয়ে কয়, ‘‘আমাৰ ভূমিপুত্ৰসকলে ফৰেষ্টৰ মাটি দখল কৰি বহি থাকিলে জোৰ জবৰদস্তি উঠাই দিয়ে। গতিকে এইবাৰ উঠাব আহিলে ফৰেষ্টৰ মানুহক দা–যাঁঠি লৈ টুকুৰা–টুকুৰি কৰি কাটি দিবি।’’
তিৱা যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত এই মন্তব্য কৰে ৰমাকান্ত দেউৰীয়ে। বিশেষকৈ তিৱা মহিলাসকলক উদ্দেশ্য কৰি এই মন্তব্য মৰিগাঁৱৰ জনপ্ৰতিনিধিগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|