আপোন মানুহক হেৰুওৱা এজাক বন্ধুৰ প্ৰচেষ্টাত নগাঁও জিলা পুথিভঁড়ালত মন্থস্থ হ'ল ‘‘আপোন মানুহ’’। নগাঁও চৰকাৰী বালক উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৭৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সতীৰ্থ সকলৰ অনুষ্ঠান ‘‘আমি ৭৯’’য়ে বনহংস নামৰ নাট্যগোষ্ঠীৰ জৰিয়তে প্ৰদৰ্শন কৰে ‘‘আপোন মানুহ’’ নামৰ নাটখন। তপন বৰুৱা আৰু জ্যোতিমৰ্য় গোস্বামী নামৰ দুগৰাকী সতীৰ্থক হেৰুওৱা ‘‘আমি ৭৯’’ য়ে তেঁওলোকৰ স্মৃতিত শণিবাৰে নগাঁৱৰ জিলা পুথিভঁড়ালত এই নাট্যসন্ধ্যা অনুষ্ঠিত কৰিলে। প্ৰাণজিৎ গোস্বামীৰ পৰিচালনাৰে মন্থস্থ হোৱা নাটখনত প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে অভিনয় কৰিলে। অভিনয়ৰ আগমুহূৰ্তত সংবাদ মাধ্যমৰ সন্মুখত নিজৰ অনুভৱ ব্যক্ত কৰি ৰকিবুল হুছেইনে ক'লে, ‘‘মই ভাবিছিলো মোক মানুহে বেয়া পায়, কিন্তু আজি মোৰ নাট চাবলৈ মানুহৰ যথেষ্ট জনসমাগম দেখি ভাল লাগিছে। মোৰ বিশ্বাস হৈছে মোক এতিয়াও বহুতে ভালপায়।’’
উল্লেখযোগ্য যে, জিলা পুথিভঁড়ালত আয়োজিত এই নাট্যসন্ধ্যাত যথেষ্ট সংখ্যক লোকৰ সমাগম হয়। নাট আৰম্ভ হোৱাৰ পূৰ্বে প্ৰাক্তন সতীৰ্থৰ স্মৃতিত স্মৃতিকথা নামৰ এখন স্মৰণিকাও উন্মোচন কৰা হয়।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 12, 2023, 07:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।