"যিদিনা গছত গৰু উঠিব সেইদিনাহে যোগদান কৰিম বিজেপিত।" – বিজেপিলৈ সম্ভাব্য গমনক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপিত যোগদান নকৰাৰ স্পষ্ট ইংগিত দিয়ে।
ৰকিবুল হুছেইনে কয়, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়েও এসময়ত কংগ্ৰেছ ত্যাগ কৰি পুনৰ ঘূৰি আহিছিল কংগ্ৰেছলৈ। কংগ্ৰেছৰ ২৭ বিধায়কৰ পৰা ৬৩ কৰিবলৈ কংগ্ৰেছৰ বেছি সময় নালাগিব বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে। নিশা চামগুৰিৰ মাগুৰমাৰিত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিধায়ক ৰকিবুল হুছেইনে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 11, 2021, 13:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।