মুখ্যপৃষ্ঠা »খবৰ »অসম »''চৰকাৰে এফালে চান্দা সংস্কৃতি বন্ধ কৰিছে আনহাতে নিজে চান্দা তুলি ফুৰিছে''- বিদ্যাঞ্জলি আঁচনিক লৈ বিধায়ক ৰকিবুল হুছেইন

''চৰকাৰে এফালে চান্দা সংস্কৃতি বন্ধ কৰিছে আনহাতে নিজে চান্দা তুলি ফুৰিছে''- বিদ্যাঞ্জলি আঁচনিক লৈ বিধায়ক ৰকিবুল হুছেইন

চামগুৰি সমষ্টিত একেদিনাই চাৰিখন কৈ এম্বুলেন্স প্ৰদান কৰে বিধায়ক ৰকিবুল হুছেইনে 

চামগুৰি সমষ্টিত একেদিনাই চাৰিখন কৈ এম্বুলেন্স প্ৰদান কৰে বিধায়ক ৰকিবুল হুছেইনে 

চামগুৰি সমষ্টিত একেদিনাই চাৰিখন কৈ এম্বুলেন্স প্ৰদান কৰে বিধায়ক ৰকিবুল হুছেইনে 

  • Share this:
চামগুৰি সমষ্টিত একেদিনাই চাৰিখনকৈ এম্বুলেন্স প্ৰদান কৰে চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে। প্ৰথমে বঢ়মপুৰ আৰু চামগুৰি সমষ্টিৰ সীমামূৰীয়া পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ত বিধায়ক উন্নয়ন পুঁজিৰ পৰা বিনামূলীয়া এম্বুলেন্স প্ৰদান কৰাৰ লগতে ভগামুখ, আম বাগান আৰু চামগুৰি চিকিৎসালয়ত একোখনকৈ এম্বুলেন্স প্ৰদান কৰে।

দীৰ্ঘদিনীয়া ৰাইজৰ এটি সমস্যা দূৰ কৰাৰ লগতে ৰাইজৰ অনুৰোধ ৰক্ষা কৰি পুৰণিগুদামৰ চিকিৎসালয়ৰ আন্তঃগাঁথনিৰ বাবে বিধায়ক পুঁজিৰ পৰা ৩ লাখ টকা প্ৰদান কৰাৰ আশ্বাস দিয়ে বিধায়কগৰাকীয়ে।

চামগুৰি সমষ্টিৰ দুখনকৈ বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰে বিধায়কজনে। তেওঁৰ মতে চৰকাৰৰ এয়া উচিত সিদ্ধান্ত নহয়। আনহাতে বিদ্যাঞ্জলি আঁচনিৰ ক্ষেত্ৰত বিধায়কজনে কয় চৰকাৰে এফালে চান্দা সংস্কৃতি বন্ধ কৰিছে আনহাতে নিজে চান্দা তুলি ফুৰিছে। বিদ্যালয়ত কিবা মনে বিচৰা বস্তু দিবলৈ চৰকাৰে নতুনকৈ আঁচনি খোলাৰ প্ৰয়োজন নাই। ৰাইজে পতা বিদ্যালয় বা নিজে পঢ়া বিদ্যালয়ত কিবা এটা দিবলৈ মন থাকিলে সকলোৱে দিব পাৰে, তাৰ বাবে চৰকাৰৰ আঁচনিৰ প্ৰয়োজন নাই।

আনহাতে, আলোচনাৰ মাধ্যমেৰে পৃথক কোচবিহাৰ গঠনৰ বিষয়টো চৰকাৰক নিষ্পত্তি কৰাৰ পৰামৰ্শ প্ৰদান ৰকিবুলৰ হুছেইনৰ। আনহাতে বিধায়ক জয়ন্ত বসুমতাৰীৰ প্ৰসংগত ৰকিবুল হুছেইনৰ মন্তব্য– ''জয়ন্ত বসুমতাৰী গাত কি দোষ। দোষ মুখ্যজনৰ গাতহে।''

শেহতীয়া বাতৰি