এআইইউডিএফৰ সৈতে কংগ্ৰেছৰ বিচ্ছেদ হোৱাৰ পিছতে ৰকিবুল হুছেইনক লৈ কংগ্ৰেছে নতুন পৰিকল্পনা কৰাৰ কথা সংবাদ মাধ্যমত চৰ্চিত হৈছিল। এই লৈ য়ে দুই-এক সংবাদ মাধ্যমে অনাগত নিৰ্বাচনত ৰকিবুল হুছেইনে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনীয়তা ব্যক্ত কৰি বাতৰিও সম্প্ৰচাৰ কৰিছিল। কিন্তু এই বাতৰিয়ে ক্ষোভিত কৰি তুলিছে চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনক।
এই বাতৰিৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰকিবুল হুছেইনে সামাজিক মাধ্যমত এক ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰি কয়, "মই আজি বৰাক ভেলীৰ দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি মেঘালয়ৰ শ্বিলং পাওতেই এটা বাতৰি মোৰ কৰ্ণগোচৰ হৈছে। বাতৰিটোত মোক কংগ্ৰেছ দলে ধুবুৰীৰ পৰা সাংসদৰূপে প্ৰক্ষেপ কৰাৰ কথা উল্লেখ কৰা হৈছে। এই বাতৰি সম্পূৰ্ণ ভিত্তিহীন আৰু অসত্য। মই এবাৰ, দুবাৰ নহয়, ৫বাৰকৈ চামগুৰিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছো। বহু প্ৰতিকূল পৰিস্থিতিটো চামগুৰিৰ সকলো জাতি-ধৰ্মাৱলম্বী ৰাইজে মোক নিৰ্বাচিত কৰিছে। মই বিধায়ক হিচাপে চামগুৰিৰ নিবনুৱা সমস্যাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে চেষ্টা কৰিম।"
আনহাতে সাংসদ হোৱাৰ কোনো হাবিয়াস নাই বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে কয়, "মই চামগুৰিৰ বিধায়ক হিচাপে চামগুৰিৰ উন্নয়নত নিজকে আত্মনিয়োগ কৰিম। সাংসদ হোৱাৰ কোনো হাবিয়াস মোৰ নাই। মই ইয়াৰ পৰা গৈয়ে সংবাদসেৱী সকলৰ জৰিয়তে এই বিষয়ে সকলো কথা ক'ম। এই বাতৰিটোৰ অন্তৰালত থকা উদ্দেশ্যৰ বিষয়েও অসমৰ ৰাইজক জনাম। এই বাতৰি সম্পূৰ্ণ অসত্য, ভিত্তিহীন আৰু উদ্দেশ্যপ্ৰণোদিত।"
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 12, 2021, 10:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।