সমাগত লোকসভা নিৰ্বাচন। ২০২৪ চনৰ আৰম্ভণিতে দেশত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। এই নিৰ্বাচনত অসমত বিজেপি আৰু এআইইউডিএফক ৰোধ কৰিবলৈ সকলো বিৰোধী দলকে একত্ৰিত হ'বলৈ আহ্বান জনাইছে বিৰোধীৰ উপ-দলপতি তথা চামগুৰি সমষ্টিৰ পাঁচবাৰৰ বিধায়ক ৰকিবুল হুছেইনে।
"বিজেপিক উৎখাত কৰিবলৈ হ'লে সাম্প্ৰদায়িক মৌলানা বদৰুদ্দিন আজমলক পৰাস্ত কৰিব লাগিব, দলে টিকট দিলে ধুবুৰীত আজমলৰ বিৰুদ্ধে খেলিবলৈ সাজু" বুলিও ক'লে ৰকিবুল হুছেইনে। কংগ্ৰেছৰ প্ৰাক্তন প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে অৱশ্যে লগতে কয় যে তেওঁৰ এই মুহূৰ্তত সাংসদ হ'বলৈ মুঠেই মন নাই, তথাপি আজমলক পৰাস্ত কৰাৰ স্বাৰ্থত কংগ্ৰেছে তেওঁক টিকট দিলে তেওঁ খেলিবলৈ সাজু আছে।
ৰকিবুল হুছেইনে লগতে NEWS18ক জনাই যে ধুবুৰীত খেলাৰ ক্ষেত্ৰত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ কেইবাজনো শীৰ্ষ নেতা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ লীডাৰেও তেওঁৰ সৈতে আলোচনা কৰিছে। ইফালে মানকাছৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলেও ধুবুৰীত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। মণ্ডলে অৱশ্যে কয় যে ৰকিবুল হুছেইনে খেলিলে তেওঁ নেখেলে। বদৰুদ্দিন আজমলকো চোকা ভাষাৰে সমালোচনা কৰে কংগ্ৰেছৰ প্ৰবীণ নেতা ডাঃ মতিউৰ ৰহমান মণ্ডলে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।