‘কংগ্ৰেছ–AIUDFৰ মহাজোঁট হ’লে দ্বিতীয় স্থানত থাকিব নোৱাৰে হিমন্ত বিশ্ব’ – ক’লে এইগৰাকী বিধায়কে

News18 Assam | News18-Assam
Updated:November 15, 2020, 5:19 PM IST
‘কংগ্ৰেছ–AIUDFৰ মহাজোঁট হ’লে দ্বিতীয় স্থানত থাকিব নোৱাৰে হিমন্ত বিশ্ব’ – ক’লে এইগৰাকী বিধায়কে
স্বাভাৱিকতে প্ৰশ্ন উঠিছে সহজ নহ’ব নেকি কংগ্ৰেছ–AIUDFৰ মহাজোঁট বন্ধন৷

স্বাভাৱিকতে প্ৰশ্ন উঠিছে সহজ নহ’ব নেকি কংগ্ৰেছ–AIUDFৰ মহাজোঁট বন্ধন৷

  • Share this:
এখোজ আগুৱাই দুখোজ পিছুৱাইছে কংগ্ৰেছ-AIUDFৰ মিত্ৰতা। কংগ্ৰেছ–AIUDFৰ মিত্ৰতাৰ অংকত লাগিছে খেলিমেলি৷ নিৰ্বাচলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত AIUDFয়ে বাৰে বাৰে প্ৰস্তাৱ আগবঢ়াইছে কংগ্ৰেছক৷ তাৰ পিছতো কংগ্ৰেছৰ টেবুলত বিবেচনাধীন AIUDFৰে মিত্ৰতা৷

স্বাভাৱিকতে প্ৰশ্ন উঠিছে সহজ নহ’ব নেকি কংগ্ৰেছ–AIUDFৰ মহাজোঁট বন্ধন৷ কংগ্ৰেছ–AIUDFৰ মহাৰজোঁট বন্ধনে উজনিত ধৰাশায়ী কৰিব নেকি কংগ্ৰেছক৷ যাৰ ভয়ত মুকলি সিদ্ধান্তলৈ অহাৰ পূৰ্বে থমকিছে কংগ্ৰেছ৷ কংগ্ৰেছৰ সৈতে মহাজোঁট কৰিবলৈ বাৰে বাৰে প্ৰস্তাৱ ৰাজনৈতিক দলটোৰ৷ আনকি কংগ্ৰেছক শেষ সময়লৈ মিত্ৰতাৰ সুযোগ দি যাব বুলি দুদিন পূৰ্বে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল AIUDF প্ৰধান বদৰুদ্দিন আজমলে৷

এই মন্তব্যৰ ঠিক পিছতে জনিয়াৰ AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ মত – ‘‘অসমৰ কলা–সংস্কৃতি ৰক্ষা কৰিব কংগ্ৰেছ–AIUDF–এ৷ অসমবাসীয়ে বিচাৰিছে কংগ্ৰেছ–AIUDFৰ মিত্ৰতা৷ কিন্তু কংগ্ৰেছ–AIUDFৰ মিত্ৰতাক লৈ শংকিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ কিয়নো কংগ্ৰেছ–AIUDFৰ মিত্ৰতা হ’লে চৰকাৰ হেৰুৱাব বিজেপিয়ে৷ তেতিয়া বৰ্তমানে গুৰুত্বপূৰ্ণ স্থানত থকা ৰাজ্যৰ দক্ষ মন্ত্ৰী হিমন্তই হেৰুৱাব নিজৰ স্থান৷ নিজকে ৰাজ্যখনৰ দ্বিতীয় স্থানৰ মন্ত্ৰীৰ শাৰীত থকা হিমন্তৰ নাইকীয়া হ’ব প্ৰভাৱ৷ সেয়ে বুধিয়ক হিমন্তই কংগ্ৰেছ–AIUDFৰ মহাজোঁটৰ বিৰুদ্ধে নিকৃষ্ট ৰাজনীতি কৰিছে। ৰাজ্যত মিয়া ৰাজনীতিৰে সূত্ৰপাত কৰি হিন্দু–মুছলমানৰ মাজত ভাগ ভাগ কৰাৰ লক্ষ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷’’

এটা কথা ঠিক কংগ্ৰেছ–AIUDFৰ মুকলি মহাজোঁট গঠনে স্বাভাৱিকতে প্ৰভাৱ পেলাব কংগ্ৰেছক৷ যাৰ বাবে মুকলি মিত্ৰতাৰ পৰিবৰ্তে বিকল্প পথ ল’ব নেকি এতিয়া দুয়োটা দলে, সেয়া সময়তহে স্পষ্ট হ’ব৷ এই পৰ্যন্ত মহাজোঁট সঠিক দিশত আগবঢ়া বুলিও কয় AIUDFৰ বিধায়কগৰাকীয়ে৷
Published by: Sanjay Kumar Das
First published: November 15, 2020, 5:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading