• Home
  • »
  • News
  • »
  • assam
  • »
  • MLA Prashanta Phukan: প্ৰশান্ত ফুকনৰ মনো যাব পাৰে নৰেন্দ্ৰ মোদীৰ আসনত বহিবলৈ! মন্ত্ৰিত্বক লৈ আৰু কি কি ক'লে তেওঁ

MLA Prashanta Phukan: প্ৰশান্ত ফুকনৰ মনো যাব পাৰে নৰেন্দ্ৰ মোদীৰ আসনত বহিবলৈ! মন্ত্ৰিত্বক লৈ আৰু কি কি ক'লে তেওঁ

হিমন্ত বিশ্ব শৰ্মাই গেপ পাই পাৰ্কিং কৰি দিলে: প্ৰশান্ত ফুকন

হিমন্ত বিশ্ব শৰ্মাই গেপ পাই পাৰ্কিং কৰি দিলে: প্ৰশান্ত ফুকন

হিমন্ত বিশ্ব শৰ্মাই গেপ পাই পাৰ্কিং কৰি দিলে: প্ৰশান্ত ফুকন

  • Share this:
ৰাজনীতিত পুৰণি বুলি ছাটি লৈ বহি থাকিলে একো নাপায় ৷ ড° হিমন্ত বিশ্ব শৰ্মাই গেপ পাই গাড়ী পাৰ্কিং কৰি দিলে আৰু ইয়াৰ পৰা BJPৰে লাভ হৈছে বুলি দাবী কৰিলে জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে ৷ শাসকীয় BJPত ন-BJPয়ে পুৰণি BJPৰ নেতা-কৰ্মীৰ অস্তিত্ব নোহোৱা কৰিছে নেকি? এই প্ৰশ্ন বিভিন্ন সময়ত বিভিন্নজনে উত্থাপন কৰি অহাৰ সময়তে জ্যেষ্ঠ BJP বিধায়ক ফুকনে ক'লে- ''মন গ'লেই নহ'ব, মুখ্যমন্ত্ৰীয়ে বিচাৰিলেহে মন্ত্ৰী হ'ব পাৰি ৷'' ''মনে অৱশ্যে নৰেন্দ্ৰ মোদীৰ আসনতো বহিব বিচাৰিব পাৰে'' বুলিও কৈ দিয়ে প্ৰশান্ত ফুকনে ৷

অসমৰ বহুবল্কী বিধায়কসকলৰ ভিতৰত এজন হ'ল প্ৰশান্ত ফুকন ৷ BJPৰ এইজন জ্যেষ্ঠ  বিধায়ক প্ৰশান্ত ফুকনে বিগত সময়ত বহুবাৰ কথা কৈ বিপদতো পৰিছে ৷ কিন্তু মুখ নোখোলাকৈ ৰৈ নাথাকে ফুকন ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) চৰকাৰে ১০ মে'ত প্ৰথমটো বৰ্ষপূৰ্তি কৰিবলৈ যোৱাৰ সময়ত বৃহস্পতিবাৰে বিধায়ক আৱাসত বিধায়ক ফুকনক সাংবাদিকে প্ৰশ্ন কৰিলে- এইবাৰ মন্ত্ৰী হ'ব নেকি আপুনি?

উত্তৰ দিলে প্ৰশান্ত ফুকনে- “মুখ্যমন্ত্ৰীয়ে বিচাৰিলে হ'ম, নহ'লে কেনেকৈ হ'ম ৷ এয়া মুখ্যমন্ত্ৰীৰ এক্টিয়াৰৰ বিষয় ৷ এই বয়সত বিধায়ক হিচাপেই  সমষ্টি উন্নয়নৰ কাম কৰি যাম ৷”

পিছে মন নাযায় নে প্ৰশান্ত ফুকনৰ (Prashanta Phukan) মন্ত্ৰী হ'বলৈ? সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ফুকনে এখোপ ওপৰলৈ গৈ কৈ পেলালে- “মনে বিচাৰিবও পাৰে নৰেন্দ্ৰ মোদীৰ (Narendra Modi) জেগাত বহিবলৈ!”

এয়াই প্ৰশান্ত ফুকনৰ মনৰ অটল গহ্বৰৰ গোপন কথা ৷ পিছে ন-BJPয়ে পুৰণি BJPৰ অস্তিত্ব বিপন্ন কৰিছে নেকি? ইয়াৰ ব্যাখ্যা নতুনকৈ দিলে প্ৰশান্ত ফুকনে ৷ ফুকনে ক'লে- “পুৰণি বুলি কিবা পাম পাম বুলি ছাতি লৈ বহি থাকিলে নহয় ৷ ৰাজনীতিত বহি থাকিলে একো নাপায় ৷ হিমন্ত বিশ্ব শৰ্মাই গেপ পাই গাড়ী পাৰ্কিং কৰি দিলে ৷”

এয়া নতুন ব্যাখ্যা বহুবল্কী বিধায়ক প্ৰশান্ত ফুকনৰ ৷ ক'লে- “সকলোৱে নিজৰ বলত ল'ব লাগিব ৷ খালী মাটি পালে হাল বাবই লাগিব ৷”

অৱশ্যে হিমন্ত বিশ্ব শৰ্মাই গেপ পাই গাড়ী পাৰ্কিং কৰাত BJPৰ লাভ হৈছে বুলি ক'বলৈ নাপাহৰিলে প্ৰশান্ত ফুকনে ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি