কাণ্ডজ্ঞানহীনতা! ‘জনতা কাৰ্ফিউ’ৰ উদ্দেশ্য বিফল কৰিলে বিধায়ক প্ৰশান্ত ফুকনে

News18 Assam | News18-Assam
Updated:March 23, 2020, 1:07 PM IST
কাণ্ডজ্ঞানহীনতা! ‘জনতা কাৰ্ফিউ’ৰ উদ্দেশ্য বিফল কৰিলে বিধায়ক প্ৰশান্ত ফুকনে
জনতা কাৰ্ফিউৰ দিনা একাংশই ৰাজপথত কৰিলে চৰম বহুৱালী।

জনতা কাৰ্ফিউৰ দিনা একাংশই ৰাজপথত কৰিলে চৰম বহুৱালী।

  • Share this:
জনতা কাৰ্ফিউৰ উদ্দশ্য যেন পাহৰি থাকিলে বিজেপি বিধায়ক প্ৰশান্ত ফুকনে! জনতাক সজাগ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা জনতা কাৰ্ফিউৰ দিনা একাংশই ৰাজপথত কৰিলে চৰম বহুৱালী। কেৱল অশিক্ষিত বা অজ্ঞ লোকেই নহয় উচ্চ শিক্ষিত আৰু দায়িত্ব পূৰ্ণ পদত থকা সকলেও ক’ৰোণা সজাগতাৰ কৰুণ পৰিণতি তুলি ধৰিলে।

জনতা কাৰ্ফিউৰ দিনা ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে একাংশ সমৰ্থকক লগত লৈ ৰাস্তাৰ মাজত থিয় হৈ তাল বজোৱা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত বহুতে তীব্ৰ সমালোচনা কৰে বিধায়কজনক।

ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি যিমানেই দেশৰ নাগৰিকক সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে, সিমানেই একাংশৰ এনে কৰ্ম–কাণ্ডই অতিষ্ঠ কৰি তুলিছে সকলোকে।
আৰু চাওক
পৰৱৰ্তী বাতৰি