• Home
  • »
  • News
  • »
  • assam
  • »
  • ২১ত নিৰ্বাচন খেলাৰ আগ্ৰহ নাই হিমন্ত বিশ্বৰ! প্ৰশান্ত ফুকনে ক’লে – সেনাপতিয়ে কেতিয়াবা মন বেয়া কৰেই, কিবা দুখ পাইছে চাগে, নিৰ্বাচন খেলিব

২১ত নিৰ্বাচন খেলাৰ আগ্ৰহ নাই হিমন্ত বিশ্বৰ! প্ৰশান্ত ফুকনে ক’লে – সেনাপতিয়ে কেতিয়াবা মন বেয়া কৰেই, কিবা দুখ পাইছে চাগে, নিৰ্বাচন খেলিব

এইবাৰ উজনি অসমত ৯০ শতাংশ লোকে বিজেপিত আৰু ১০ শতাংশই ন’টাত ভোট দিব বুলি মন্তব্য কৰে প্ৰশান্ত ফুকনে।

এইবাৰ উজনি অসমত ৯০ শতাংশ লোকে বিজেপিত আৰু ১০ শতাংশই ন’টাত ভোট দিব বুলি মন্তব্য কৰে প্ৰশান্ত ফুকনে।

এইবাৰ উজনি অসমত ৯০ শতাংশ লোকে বিজেপিত আৰু ১০ শতাংশই ন’টাত ভোট দিব বুলি মন্তব্য কৰে প্ৰশান্ত ফুকনে।

  • Share this:
বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন দলৰ মাজত চলিছে জল্পনা–কল্পনা।উজনি বা নামনিত কোন দলে কিমান আসন লাভ কৰিব তাকে লৈ চলিছে সমীকৰণ। এইবাৰ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে উজনি অসমত বিজেপিয়ে এশ শতাংশ আসন লাভ কৰিব বুলি মন্তব্য কৰিছে। লগতে তেওঁ কয় যে উজনি অসমৰ কংগ্ৰেছৰ দখলত থকা আসন বিজেপিয়ে এইবাৰ কাঢ়ি আনিব। কংগ্ৰেছৰ দখলত থকা ডুমডুমাৰ পৰা আৰম্ভ কৰি তিতাবৰলৈ আসন লাভ কৰিব বিজেপিয়ে।

এইবাৰ উজনি অসমত ৯০ শতাংশ লোকে বিজেপিত আৰু ১০ শতাংশই ন’টাত ভোট দিব বুলি মন্তব্য কৰে প্ৰশান্ত ফুকনে। ২০২১ৰ নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰশান্ত ফুকনে। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰশান্ত ফুকনে কয় – সেনাপতিয়ে কেতিয়াবা মন বেয়া কৰেই, এইবোৰ এনেই কৈছে, কিবা দুখ পাইছে চাগে, নিশ্চয়কৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব হিমন্ত বিশ্ব শৰ্মাই।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি