‘‘দেউৰী নিৰ্বাচনত ৰাজনৈতিক দুখ লগা কথাই এটাই, আমাৰ লগত যুঁজিব লাগিছিল কংগ্ৰেছে, লাগিছেগৈ আজমলৰ লগত মুখ-চুপতি। দেউৰী নিৰ্বাচনকে ধৰি ১০টা নিৰ্বাচনত হাৰিব কংগ্ৰেছ৷ কংগ্ৰেছৰ অৱস্থা দেখি এনে লাগিছে যেন সুঠাম ল’ৰা এটা মৰিছে৷ সুঠাম ল’ৰা এটা চকুৰ আগত মৰিলে যেনেকুৱা দুখ লাগে, ঠিক তেনেদৰে কংগ্ৰেছৰ অৱস্থা দেখি আমাৰ দুখ লাগিছে৷’’ – এই মন্তব্য বিধায়ক প্ৰশান্ত ফুকনৰ।
ফুকনে কয়, ৩ বজাৰ পৰা পঢ়া আৰম্ভ কৰি দিছো লোকসভাৰ কাৰণে আমি। মানুহৰ ঘৰে ঘৰে গৈছোঁ। ১০০ শতাংশ আসন ২০২৪ৰ লোকসভাত জিকিব চেষ্টা কৰি আছো। ধুবুৰীৰ আসনখনো চলে বলে কৌশলে আশা কৰিছোঁ।
‘গিভ এণ্ড টেক’ আঁচনিৰ কথা উল্লেখ কৰি ফুকনে কয়, জনতাৰ ওচৰলৈ যাবলৈ অৰুণোদয় আঁচনি দিছোঁ সেইটো ‘গিভ’ আৰু আমাক ভোট দিব সেইটো ‘টেক’। বিজেপিয়ে সৰু সৰু কথা চিন্তা কৰিছে সেইটো টেকন’লজী। দিল্লীৰ পৰা ফোন আহিলেই ভূপেন বৰাই AIUDFৰ লগত মিতিৰালি কৰিব লাগিব।
ইফালে, ৮০০০ শিক্ষকৰ পদ বিলুপ্তিকৰণক লৈ প্ৰশান্ত ফুকনে কয়, এখন বিদ্যালয়ত শিক্ষকৰ সংখ্যা ছাত্ৰৰ সংখ্যাতকৈ বেছি হ’লে বিলুপ্তি হ’বই। ৰাইজে আমাক দায় ধৰিব পৰা কাম নকৰো।
‘‘কংগ্ৰেছৰ অৱস্থা দেখিলে শোকে খুন্দা মাৰি ধৰে। কোন ক’ত যাব লাগিব কি কৰিব লাগিব, কিতাপ পঢ়িবই লাগিব। আমাৰ দৰে বুঢ়া মানুহো গোগামুখত গৈছো দেউৰী নিৰ্বাচনৰ কাৰণে। গধূলি হিচাপ দিব লাগিব কিমান ভোট পালো। আমি মেডিকেল ৰিপ্ৰেছেনটিভৰ দৰে কাম কৰোঁ।’’ – ক’লে ফুকনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|