• Home
  • »
  • News
  • »
  • assam
  • »
  • পুত্ৰক লগত লৈ পথাৰত নামিল বিধায়ক, সিচিলে বাহাদুৰ ধানৰ কঠিয়া

পুত্ৰক লগত লৈ পথাৰত নামিল বিধায়ক, সিচিলে বাহাদুৰ ধানৰ কঠিয়া

সৰ্বমুঠ ২৫ হেক্টৰ মাটিত সিঁচা হয় বাহাদুৰ ধানৰ  কঠিয়া৷

সৰ্বমুঠ ২৫ হেক্টৰ মাটিত সিঁচা হয় বাহাদুৰ ধানৰ  কঠিয়া৷

সৰ্বমুঠ ২৫ হেক্টৰ মাটিত সিঁচা হয় বাহাদুৰ ধানৰ  কঠিয়া৷

  • Share this:
পুত্ৰক লগত লৈ পথাৰত নামিল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ৷ পিতা-পুত্ৰ দুয়ো মিলি সিঁচিলে বাহাদুৰ ধানৰ কঠিয়া৷ বাৰিষা কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্য বিশ্বনাথ জিলা কৃষি বিভাগৰ উদ্যোগত বিশ্বনাথ চাৰিআলিৰ বৰকুৰা গাঁৱৰ পথাৰত আজি সিঁচা হয় কঠিয়া৷ অঞ্চলটোৰ ৰাইজৰ সহযোগত কৃষি বিভাগে লোৱা এই কাৰ্যসুচীত অংশগ্ৰহণ কৰে বিধায়ক প্ৰমোদ বৰঠাকুৰে৷

সৰ্বমুঠ ২৫ হেক্টৰ মাটিত সিঁচা হয় বাহাদুৰ ধানৰ  কঠিয়া৷ বিশেষকৈ বাৰিষা বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলক সকাহ দিবলৈ কঠিয়াসমূহ পৰাৰ ব্যৱস্থা কৰিছে কৃষি বিভাগে৷ অনুষ্ঠানত উপস্থিত থকা বিধায়কগৰাকীয়ে পেণ্ট কোচাই নিজেই নামি পৰিল পথাৰত আৰু সিঁচিলে ধানৰ কঠিয়া৷ বিধায়কৰ পুত্ৰ উদীপ্ত বৰঠাকুৰেও কঠিয়া সিঁচি সংগ দিলে পিতৃক৷

আনহাতে কমিউনিটী নাৰ্চাৰী আঁচনিৰ জৰিয়তে কঠিয়া পৰাৰ ব্যৱস্থা কৰিছে কৃষি বিভাগে৷ বিধায়কগৰাকীৰ লগতে অনুষ্ঠানত কৃষি বিভাগৰ বিষয়া–কৰ্মচাৰীসকলো উপস্থিত থাকে৷
Published by:Sanjay Kumar Das
First published: