• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমৰ সচিবালয়ৰ ভিতৰৰ পৰাই চোৰে লৈ গ'ল বিধায়ক ফণীভূষণ চৌধুৰীৰ গাড়ী, আৰক্ষীয়ে আটক কৰিছে ৩ জনক

অসমৰ সচিবালয়ৰ ভিতৰৰ পৰাই চোৰে লৈ গ'ল বিধায়ক ফণীভূষণ চৌধুৰীৰ গাড়ী, আৰক্ষীয়ে আটক কৰিছে ৩ জনক

ফণীভূষণ চৌধুৰীৰ গাড়ীৰ ড্ৰাইভাৰেই চুৰি কৰি লৈ গৈছিল গাড়ীখন। 

ফণীভূষণ চৌধুৰীৰ গাড়ীৰ ড্ৰাইভাৰেই চুৰি কৰি লৈ গৈছিল গাড়ীখন। 

ফণীভূষণ চৌধুৰীৰ গাড়ীৰ ড্ৰাইভাৰেই চুৰি কৰি লৈ গৈছিল গাড়ীখন। 

  • Share this:
অসম বিধানসভাৰ সচিবালয়ৰ ভিতৰৰ পৰাই চোৰে লৈ গ'ল বিধায়কৰ গাড়ী। কটকটীয়া নিৰাপত্তা তথা CCTV কেমেৰা থকাৰ পিছতো প্ৰাক্তন মন্ত্ৰী তথা বঙাইগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ ইন'ভা গাড়ীখন চুৰি হোৱাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনা সন্দৰ্ভত এই পৰ্যন্ত তিনিজন লোকক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। লগে লগে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। ফণীভূষণ চৌধুৰীৰ গাড়ীৰ ড্ৰাইভাৰেই চুৰি কৰি লৈ গৈছিল গাড়ীখন। চুৰি কৰি নিয়া গাড়ীখন নুমলীগড়ত দুৰ্ঘটনাগস্ত হোৱাৰ পাছতে পোহৰলৈ  আহে সমগ্র ঘটনা। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে হাৰেচ আলী,ছফিকুল আহমেদ আৰু আৰিফুল আলীক। আনহাতে গাড়ীখনৰ ড্ৰাইভাৰজনক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

গাড়ী চুৰি ঘটনাৰ লগত জড়িত এজন লোক বিধায়ক ৰকিবুল হুছেইনৰ ড্ৰাইভাৰ বুলিও জানিব পৰা গৈছে। ইফালে বিধানসভাৰ সচিবালয়ৰ ভিতৰৰ পৰা এজন বিধায়কৰ গাড়ী চুৰি হোৱাৰ পিছতে সমগ্ৰ নিৰাপত্তাৰ দিশটোলৈ প্ৰশ্ন কৰিছে সচেতন মহলে।
Published by:Himangshu Bhuyan
First published: