• Home
  • »
  • News
  • »
  • assam
  • »
  • বহুৱালী নে আন কিবা? বাজপেয়ী ভৱনত সুহুৰী মাৰি এপাক নাচিলে ফণী তালুকদাৰে, ৰূপজ্যোতিৰ মুখত অদ্ভুত হাঁহি! 

বহুৱালী নে আন কিবা? বাজপেয়ী ভৱনত সুহুৰী মাৰি এপাক নাচিলে ফণী তালুকদাৰে, ৰূপজ্যোতিৰ মুখত অদ্ভুত হাঁহি! 

উপ নিৰ্বাচনত জয়ী হোৱা এই তিনিও ন-বিজেপি বিধায়কক ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত আদৰণি জনালে বাজপেয়ী ভৱনত ৷

উপ নিৰ্বাচনত জয়ী হোৱা এই তিনিও ন-বিজেপি বিধায়কক ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত আদৰণি জনালে বাজপেয়ী ভৱনত ৷

উপ নিৰ্বাচনত জয়ী হোৱা এই তিনিও ন-বিজেপি বিধায়কক ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত আদৰণি জনালে বাজপেয়ী ভৱনত ৷

  • Share this:
ৰামভাও মহাল্গী প্ৰবোধিনী! ১৯৮২চনতে প্ৰতিষ্ঠা হৈছিল ৰামভাও মহাল্গী প্ৰবোধিনীৰ ৷ RMP মূলত বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰে জড়িত ৷ RMPত মূলতঃ প্ৰতিগৰাকী নিৰ্বাচিত প্ৰতিনিধিক পঞ্চনিষ্ঠাৰ এই পাঁচটা নীতিৰে জাতীয়তাবাদ আৰু জাতীয় সংহতি, গণতন্ত্ৰ ,সৰ্বধৰ্মসমভাব, বিকেন্দ্ৰীক অৰ্থনীতি আৰু নীতিনিষ্ঠ ৰাজনীতিনো কি তাৰে প্ৰশিক্ষিত কৰি তোলা হয় ৷

এতিয়া আহিছো, আমিনো কিয় মুম্বাইস্থিত ৰামভাও মহাল্গী প্ৰবোধিনীৰ কথা পাতি আছো সেই বিষয়লৈ ৷ ১২ৰ পৰা ১৪ নৱেম্বৰলৈকে তিনিদিনীয়াকৈ দেশৰ সকলো বিজেপি মন্ত্ৰী, বিধায়ক, সাংসদ যাব লাগিব মুম্বাইলৈ ৷ মুম্বাইৰ RMPত দিয়া হ'ব তিনিদিনীয়া প্ৰশিক্ষণ ৷ সোমবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত নিৰ্বাচনত জয়ী হোৱাৰ পিছত প্ৰথমবাৰলৈ উপস্থিত হ'ল মৰিয়ণীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহাই আৰু ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ ৷

উপ নিৰ্বাচনত জয়ী হোৱা এই তিনিও ন-বিজেপি বিধায়কক ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত আদৰণি জনালে বাজপেয়ী ভৱনত ৷ আহিয়েই ৰূপজ্যোতি কুৰ্মীৰ মুখত সেই বিতৰ্কিত হাঁহি ৷ যি হাঁহিক বিজেপিৰ সমৰ্থক সকলেও হজম কৰা নাছিল ৷ যিটো দল পঞ্চনিষ্ঠাৰ আদৰ্শৰে চলে তেনে এক দলৰ গুৰু গম্ভীৰ মঞ্চত ৰূপজ্যোতি কুৰ্মীৰ মুখত এনে হাঁহি কাষত ভাৰত মাতাৰ ছবি, ডা৹ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবি আৰু দীনদয়াল উপাধ্যায়ৰ প্ৰতিচ্ছবিৰ কাষত ৰৈ কিদৰে সহ্য কৰিলে বিজেপি নেতৃত্বই?

মঞ্চত সুহুৰী মৰাৰ পৰম্পৰা আনিব নেকি ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে? ইয়াকে লৈ উঠিছে প্ৰশ্ন ৷ অৱশ্যে ১২ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ মুম্বাইৰ RMPত প্ৰশিক্ষণ লোৱাৰ পিছত হয়তো সলনি হ'ব ৰূপজ্যোতি কুৰ্মী, ফণীধৰ তালুকদাৰো ৷ সোমবাৰে বিজেপি কাৰ্যালয়লৈ আহি ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমক ক'লে,"সমষ্টিৰ উন্নয়নৰ বাবে নহয়, কংগ্ৰেছত অতিষ্ঠ হৈ হে বিজেপিলৈ আহিছো ৷ কলাক্ষেত্ৰত শ্বেৰমান আলীয়ে মিঞা মিউজিয়াম বিচৰা, কংগ্ৰেছৰ মাজত অন্তঃকন্দল, দলৰ মজিয়াত গুৰুত্ব নোপোৱা কথাবোৰৰ বাবেহে বিজেপিলৈ আহিছো ৷ কংগ্ৰেছত গুৰুত্ব পোৱা নাছিলো ৷  AIUDF ৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাও বিৰোধ কৰিছিলো ৷ কংগ্ৰেছ দলক এতিয়া ৰাইজে পচন্দ নকৰা হৈছে। কংগ্ৰেছ আৰু অখিল গগৈৰ কথাৰ কাম নাই এতিয়া ৷ ৰাইজে এতিয়া উন্নয়ন বিচাৰিছে । বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়ন কৰিছে আৰু ৰাইজে ভাল পাইছে ৷"
Published by:Himangshu Bhuyan
First published: