মুখ্যপৃষ্ঠা »খবৰ »অসম »Parimal Suklabaidya : উঠি নহয় নাও বাই পৰিমল শুক্লবৈদ্যই ল'লে বান পৰিস্থিতিৰ বুজ

Parimal Suklabaidya : উঠি নহয় নাও বাই পৰিমল শুক্লবৈদ্যই ল'লে বান পৰিস্থিতিৰ বুজ

শুক্লবৈদ্যই জিলাখনৰ ভিন্ন অঞ্চললৈ নাৱেৰে গৈ বান পৰিস্থিতিৰ বুজ লয়।

শুক্লবৈদ্যই জিলাখনৰ ভিন্ন অঞ্চললৈ নাৱেৰে গৈ বান পৰিস্থিতিৰ বুজ লয়।

  • Share this:
শিলচৰত বান পৰিস্থিতিয়ে তাণ্ডৱ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত আজি হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰেৰে বান পৰিস্থিতিৰ বুজ লয়।

আনহাতে, কাছাৰ জিলাৰ ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্যকো (Parimal Suklabaidya ) দেখা গ'ল অনন্য ৰূপত। বিধায়কগৰাকীয়ে নিজে নাও চলাই জিলাখনৰ বানাক্ৰান্ত অঞ্চলৰ বুজ লয়।

পৰিমল শুক্লবৈদ্যই টুইটত উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিলচৰ আৰু কাছাৰ জিলাৰ সংলগ্ন অঞ্চলসমূহৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে আৰু তেওঁ সকলোকে অতি সোনকালে ভুক্তভোগীসকলৰ সকলো মৌলিক প্ৰয়োজনীয়তা আৰু উদ্ধাৰৰ আশ্বাস দিয়ে।

শুক্লবৈদ্যই জিলাখনৰ ভিন্ন অঞ্চললৈ নাৱেৰে গৈ অত্যাৱশ্যকীয় সামগ্ৰী, খাদ্যসামগ্ৰী আৰু পানীৰ বটল আদি সাহায্য বন্যাৰ্তই লাভ কৰিছেনে নাই আদি দিশো পৰ্যবেক্ষণ কৰে।

কাছাৰৰ বান পৰিস্থিতিৰ বাবে কাইলৈ চৰকাৰৰ ফালৰ পৰা খাদ্যসামগ্ৰী এয়াৰ ড্ৰপ কৰাৰ লগতে উদ্ধাৰৰ বাবে এছ ডি আৰ এফ, এন ডি আৰ এফৰ লগতে সেনাবাহিনীও নিয়োগ কৰিব।

উল্লেখ্য, শিলচৰ চহৰখনৰ বিবেকানন্দ ৰোড, তাৰাপুৰ, ইএন্ডি কলনীসহ ৰামনগৰ অঞ্চল পানীত ডুব গৈছে। (Flood Situation in Silchar)৷ চহৰখনৰ পাবলিক স্কুল ৰোড, সোণাই ৰোড, ৰাধামাধৱ ৰোড, পদ্ম নগৰ, ৰাঙ্গিৰখাড়িতো উঠিছে পানী।

শেহতীয়া বাতৰি