''ভাৰত জোড়ো যাত্ৰা কৰাৰ কি প্ৰয়োজন। কংগ্ৰেছৰ স্বৰূপ বুজিবলৈ এতিয়া বাকী নাই। কোনেও এই যাত্ৰাত সঁহাৰি নজনায়। মোৰ মতে ৰাহুল গান্ধীয়ে এবছৰৰ বাবে নৰেন্দ্ৰ মোদী আৰু ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্ৰশিক্ষণ লওক। তেতিয়া তেওঁ ৰাষ্ট্ৰৰ বাবে জাতিৰ বাবে কাম কৰিবলৈ শিকিব পাৰিব।'' - এই মন্তব্য বিজেপিৰ বিধায়ক তথা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ।
নগাঁও সাহিত্য সভাৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰে ৰাজবংশীয়ে। আনহাতে অসম সাহিত্য সভাৰ বিতৰ্ক সন্দৰ্ভত তেওঁ কয়- ''সাহিত্য সভা এটা ডাঙৰ অনুষ্ঠান। সেয়ে বহুতে সমালোচনা কৰি ভাল পায়। মানুহে হাতীলৈ ফৰ্মূতি মাৰি ভাল পায়, কিন্তু নিগনিলৈ কোনেও ফৰ্মূতি নামাৰে।''
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|