‘লাডেন’ক ধৰিবলৈ গোৱালপাৰালৈ যাব বিধায়ক পদ্ম হাজৰিকাৰ ‘ৰামু’

গোৱালপাৰাত এতিয়া সন্ত্ৰাসৰ অন্য নাম লাডেন!

News18-Assam
Updated:November 7, 2019, 1:54 PM IST
‘লাডেন’ক ধৰিবলৈ গোৱালপাৰালৈ যাব বিধায়ক পদ্ম হাজৰিকাৰ ‘ৰামু’
গোৱালপাৰাত এতিয়া সন্ত্ৰাসৰ অন্য নাম লাডেন!
News18-Assam
Updated: November 7, 2019, 1:54 PM IST
গোৱালপাৰাত এতিয়া সন্ত্ৰাসৰ অন্য নাম লাডেন। লাডেনৰ সন্ত্ৰাসত এতিয়া জীয়াতু ভুগিছে অঞ্চলবাসীয়ে। কেইদিনমান পূৰ্বে লাডেনৰ আক্ৰমণত ২৪ ঘণ্টাৰ ভিতৰতে পাঁচ জন মানুহে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৭২ ঘণ্টীয়া অভিযান চলাই লাডেন নামৰ হাতীটোৰ  ধৰিবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হৈছিল বন বিভাগ।



আজি পৰ্যন্ত লাডেনক ধৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ। গতিকে এইবাৰ লাডেনৰ ধৰিবলৈ গোৱালপাৰালৈ যাব চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৰামু নামৰ হাতীটো। লগত যাব ব্যৱসায়ী দুদুল চৌধুৰীৰো হাতী।  যাব পদ্ম  হাজৰিকা আৰু দুদুল চৌধুৰীও।

 
আৰু চাওক পৰৱৰ্তী বাতৰি