শোণিতপুৰ জিলাৰ জামুগুৰিহাটত গদা ঘূৰাই যুদ্ধত নামিল চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা। পিছে ৰাজনীতিৰ পথাৰত নহয়, এইবাৰ অভিনয়েৰে মঞ্চ কঁপালে বিধায়ক পদ্মই৷ সুদীৰ্ঘ ২২ বছৰৰ পিছত দুৰ্দান্ত অভিনয়েৰে মঞ্চত অনন্য ৰূপত দেখা পোৱা গ'ল বিধায়ক পদ্ম হাজৰিকাক।
জামুগুৰিহাটৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান 'আখৰা'ৰ ৰূপালী জয়ন্তী উপলক্ষে অনুষ্ঠিত হোৱা নাট সমাৰোহত নাট্যকাৰ পংকজ জ্যোতি ভূঞাৰ পৰিচালনাৰ 'ঘটোৎকচ' নাটকত দুৰ্যোধনৰ ৰূপত এইদৰে দুৰ্দান্ত অভিনয় কৰা দেখা গ'ল চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক ৷
দুৰ্দান্ত অভিনয়েৰে প্ৰায় তিনি ঘণ্টা ধৰি উপস্থিত হাজাৰ হাজাৰ নাট্যপ্ৰেমী ৰাইজক মন্ত্ৰমুগ্ধ কৰি ৰাখে বিধায়কগৰাকীয়ে। আনহাতে নাটকখনত শকুনিৰ ৰূপত দেখা গ'ল অসমীয়া বোলছবি জগতৰ বিশিষ্ট অভিনেতা দেৱানন্দ শইকীয়াক ৷ লগতে অঞ্চলটোৰ বহুকেইগৰাকী ন-পুৰনি অভিনেতা-অভিনেত্ৰীয়ে ঘটোৎকচ নাটকখনত নিজৰ নিজৰ শৈলী প্ৰদৰ্শন কৰিলে।
![]()
উল্লেখ্য, কলেজীয়া দিনৰে পৰা অভিনয়ৰ সৈতে ওতপ্ৰোতভাৱে জড়িত পদ্ম হাজৰিকা ৷ সেই সময়ত বহুকেইখন নাটকত অভিনয় কৰিছিল হাজৰিকাই ৷ অৱশ্যে বিধায়ক হোৱাৰ পিছত নাট্য চৰ্চা কিছু পৰিমাণে কমি যায় তেওঁৰ ৷ বিধায়ক হৈ থকাৰ সময়ত ১৯৯৮ চনত নাটক কৰিছিল বিধায়ক হাজৰিকাই ৷ ইতিমধ্যে কেইবাখনো বোলছবিত অভিনয় কৰিছে বিধায়ক হাজৰিকাই ৷
দেওবাৰে সন্ধিয়া জামুগুৰিহাটৰ লগতে তেজপুৰ, বিশ্বনাথ চাৰিআলি আদি ঠাইৰ পৰাও বিধায়ক হাজৰিকাৰ অভিনয় চাবলৈ আহে অসংখ্য লোক ৷ হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত মঞ্চস্থ হোৱা নাটকখনত দুৰ্যোধনৰ ৰূপত বিধায়ক হাজৰিকাই নিজৰ অভিনয়েৰে পুনৰ হৃদয় জিনিলে ৰাইজৰ ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|