বৃহস্পতিবাৰে জামুহগুৰিহাটত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। চকীঘাটত সন্দেহজনক নাগৰিকে আক্ৰমণ চলালে খিলঞ্জীয়া লোকৰ ওপৰত ৷ আক্ৰমণত ১২ জনকৈ লোক গুৰুতৰ ভাৱে আহত হৈছিল।
বৃহস্পতিবাৰে চকীঘাটত চতিয়া সমষ্টিৰ ৩০ টা আত্ম-সহায়ক গোটক কৃষি কৰ্মৰ বাৱে প্ৰশাসনে ভূমি আৱণ্টনৰ ব্যৱস্থা কৰিছিল৷ সেই অনুসৰি গোট সমূহক নদুৱাৰ ৰাজহচক্ৰ বিষয়া ৰাজদ্বীপ কাকতিৰ উপস্থিতিত মাটিৰ সীমা নিৰ্ধাৰণ কৰি থকা অৱস্থাতে এটা ২০/২৫ জনীয়া সন্দেহজনক নাগৰিকৰ দলে দা, জাঠি জোং লৈ প্ৰশাসনৰ লোকৰ লগতে আত্ম সহায়ক গোটৰ সদস্য সকলক আক্ৰমণ চলায় ৷ এই ঘটনাত জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল কুমাৰ নাথৰ লগতে ১২ জন লোক আহত হয় ৷
পিছত নিজৰ চৰকাৰী অনুজ্ঞাপাপ্ত বন্দুক হাতত লৈ ঘটনাস্থলীত উপস্থিত হৈছিল বিধায়ক পদ্ম হাজৰিকা৷ আজি পুনৰ ঘটনা সংঘটিত হোৱা চকীঘাটত বিধায়ক পদ্ম হাজৰিকা উপস্থিত হৈ পৰ্যবেক্ষণ কৰে পৰিস্থিতি৷ বিধায়ক পদ্ম হাজৰিকাই সন্দেহজনক নাগৰিকক পুনৰ এনে কাৰ্য সংঘটিত নকৰিবলৈ সকীয়নি প্ৰদান কৰে ৷ বিধায়ক হাজৰিকাই ভৱিষ্যতে খিলঞ্জীয়া লোকক আক্ৰমণ কৰা সাহস কৰিলে পৰিস্থিতি ভয়ংকৰ হ’ব বুলি সকীয়াই দিয়ে।
ইফালে জামুগুৰি আৰক্ষী থানাৰ অচি সহ আহত ১২ জনেই বিপদমুক্ত বুলি জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ গতাইমাৰীৰ নুৰজামাল আলী আৰু ননকে গতাইমাৰীৰ ছাদ্দাম হুছেইনক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ জামুগুৰিহাটৰ চৌকিঘাটত মাটি বেদখলক কেন্দ্ৰ কৰি সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা ৷ ঘটনাত মটৰ চাইকেল, অট’ ভানকে ধৰি কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হয় ৷
উল্লেখ্য যে, যোৱা ফেব্ৰুৱাৰী মাহত চতিয়া সমষ্টিৰ অন্তৰ্গত চকীঘাট, দিঘলী চাপৰী , ননকে গটাইমাৰী, গটাইমাৰী, লালেটাপু আদি চৰ চাপৰীৰ পৰা ৪৭৩ টা সন্দেহজনক পৰিয়ালক শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ কৰিছিল আৰু এই উচ্ছেদিত ভূমিৰ এহেজাৰ বিঘা অলপতে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থানীয় নিবনুৱাক কৃষি কৰ্মৰ বাবে আৱণ্টন দিছিল ৷ ইয়াৰোপৰি চৰ চাপৰি সমূহৰ শ শ বিঘা চৰকাৰী মাটি বেদখল কৰি থকা লোক সকলক চৰকাৰী মাটি এৰি দিবলৈ প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছিল যদিও মাটি এৰি দিব নোখোজা একাংশ সন্দেহজনক লোকে পৰিকল্পিতভাৱে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|