শুকুৰবাৰে ঘটনাস্থলীত উপস্থিত হৈ শেহতীয়া পৰিস্থিতি বুজ ল’য় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷
শুকুৰবাৰে ঘটনাস্থলীত উপস্থিত হৈ শেহতীয়া পৰিস্থিতি বুজ ল’য় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷
শোণিতপুৰৰ ঠেলামৰাৰ গৰুডুবাত সংঘটিত হোৱা ঘটনাৰ উত্তেজনা এতিয়াও কমা নাই। ৰাম মন্দিৰৰ শিলান্যাসৰ দিনা বজৰং দলৰ কৰ্মীক একাংশ লোকে আক্ৰমণ কৰা ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। অঞ্চলটোত প্ৰশাসনে জাৰি কৰা অনিদিষ্ট কাৰ্ফিউ অব্যাহত আছে ৷ প্ৰতি মুহূৰ্তত সেনা-আৰক্ষীয়ে নিৰীক্ষণ কৰি আছে পৰিস্থিতি।
শুকুৰবাৰে ঘটনাস্থলীত উপস্থিত হৈ শেহতীয়া পৰিস্থিতি বুজ ল’য় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷ বৰছলাৰ বিধায়ক গনেশ লিম্বুক লগত লৈ বিধায়ক পদ্ম হাজৰিকাই অঞ্চলটো পৰিদৰ্শন কৰি মন্তব্য কৰে যে, ‘ধৰ্মীয় ভাবে একাংশ লোকক উত্তেজিত কৰিবলৈ এটা চক্ৰই অহৰহ চেষ্টা কৰি আছে৷ এই ষড়যন্ত্ৰক প্ৰতিহত কৰিব লাগিব প্ৰতিজন অসমীয়া আৰু ভাৰতীয়ই৷ আমি বিচাৰিছো প্ৰগতি আৰু শান্তি৷ আমি সাম্প্ৰদায়িকতা বিচৰা নাই৷ কিন্তু আমাৰ মাজত অশান্তিৰ সৃষ্টি কৰি থলুৱা মানুহলৈ ভাবুকি কঢ়িয়াই অনাৰ ষড়যন্ত্ৰ কৰিছে একাংশই।
গৰুডুবাৰ হৰগৌৰি দেৱালয় ৰক্ষা আৰু সংৰক্ষণৰ বাবে মুখ্যমন্ত্ৰীক দৃঢ় পদক্ষেপ ল’বলৈ বিধায়ক পদ্ম হাজৰিকাই আহ্বান জনায়। পদ্মৰ স্পষ্ট মন্তব্য, ‘আমি জাতি মাটি ভেটি ৰক্ষা কৰিব লাগিব৷ এই খন অসম আৰু ভাৰত হয়, ইয়াত কোনো বিদেশী শক্তিৰ ৰাজত্ব নচলিব৷ ইয়াত ভাৰত তথা অসমৰ জয়গান গাব লাগিব৷ইয়াত যিয়ে থাকিব তেওঁ অসম মাতৃৰ সেৱা কৰিব লাগিব৷’
ইপিনে চতিয়াত সন্দেহজনক লোকক উচ্ছেদ কৰা প্ৰসংগকলৈ একাংশ সংগঠনে বিধায়ক পদ্ম হাজৰিকাক কৰা সমালোচনা সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় যে, ‘সেই সংগঠন সমূহ অসম প্ৰেমী সংগঠন নহয়, যদি তেওঁলোকৰ দায়বদ্ধতা থাকিল হেতেন, তেন্তে মই আলোচনা কৰিলো হেতেন। কিন্তু জাতি দেশৰ প্ৰতি দায়িত্বজ্ঞানহীন সংগঠনৰ সৈতে মই কেতিয়া আলোচনাত নবহো৷ মোৰ বিৰুদ্ধে যিমানে চিঞৰক, মই কেতিয়াও কেয়াৰ কৰা নাই আৰু ভৱিষ্যতেও নকৰো ৷’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|