পদ্ম হাজৰিকাই কয় যে ৰিপুণ বৰা আচলতে কোন দলৰ সভাপতি? কোনোবা ৰাজনৈতিক দলৰ সভাপতিয়ে তেওঁলোকৰ শাসন কালত নিজৰ দলটোৱে অপশাসন কৰা বুলি নিজেই বক্তব্য ৰাখে নেকি?
পদ্ম হাজৰিকাই কয় যে ৰিপুণ বৰা আচলতে কোন দলৰ সভাপতি? কোনোবা ৰাজনৈতিক দলৰ সভাপতিয়ে তেওঁলোকৰ শাসন কালত নিজৰ দলটোৱে অপশাসন কৰা বুলি নিজেই বক্তব্য ৰাখে নেকি?
এইবাৰ ৰিপুণ বৰাক টাৰ্গেট কৰিলে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷ বিজেপিয়ে দাবী কৰাৰ সমান্তৰালকৈ কংগ্ৰেছে ১০০খন আসন লাভ কৰিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কৰা মন্তব্য সন্দৰ্ভত পদ্ম হাজৰিকাই কয় যে ৰিপুণ বৰা আচলতে কোন দলৰ সভাপতি? কোনোবা ৰাজনৈতিক দলৰ সভাপতিয়ে তেওঁলোকৰ শাসন কালত নিজৰ দলটোৱে অপশাসন কৰা বুলি নিজেই বক্তব্য ৰাখে নেকি? কংগ্ৰেছৰ দিনত অপশাসন, ভ্ৰষ্টাচাৰ হোৱা বুলি কয় নেকি? আচলতে ৰিপুণ বৰা হৈছে কংগ্ৰেছত থকা বিজেপিৰ এজেণ্ট৷
ইফালে শিৱসাগৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজ্যত কংগ্ৰেছ চৰকাৰ আহিলে অসম চুক্তি ৰূপায়ন কৰা হ’ব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসম চুক্তি হোৱাৰ পিছত ৰাহুল গান্ধীৰ পাৰ্টীৰ বহুবাৰ চৰকাৰ হ'ল৷ তেওঁলোকৰ দিল্লীতো চৰকাৰ আছিল ৰাজ্যতো চৰকাৰ আছিল৷ তেওঁলোকে অসম চুক্তি কাৰ্যকৰী কৰাৰ বাবে কিমান পদক্ষেপ ল'লে? তেওঁলোকে সীমা ছীল কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিলে৷ ক্ষমতাত থাকিলে এটা কথা আৰু ক্ষমতাত নাথাকিলে প্ৰতিশ্ৰুতি এইটো কংগ্ৰেছৰ নতুন নিয়ম নহয়৷ কংগ্ৰেছে ক্ষমতাত নাথাকিলে বুজি পায় কোনকেইটা কাম কৰিব লাগে আৰু ক্ষমতাত বহিলে সকলো পাহৰি যায়৷ এই কথাটোৱেই আচলতে ৰাহুল গান্ধীৰ ৰাজনৈতিক ভাষণত প্ৰতিফলন হৈছে বুলি মন্তব্য কৰে চতিয়াৰ বিধায়ক গৰাকীয়ে৷
বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ চৰকাৰ আহিলে চাহ শ্ৰমিকৰ মজুৰি ৩৫৭ টকা কৰা হ’ব বুলি ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পদ্ম হাজৰিকাই লগতে কয় যে কংগ্ৰেছৰ চৰকাৰ আহিলেহে কৰিব! অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ এতিয়াও আছে আৰু অনাগত দিনতো থাকিব৷ চাহ শ্ৰমিকসকলক সন্তুষ্ট কৰাৰ বাবে যিখিনি কৰিব লাগে আমি সকলো কৰিম৷
ইফালে বদৰুদ্দিন আজমল আৰু ৰিপুণ বৰাই এতিয়া একেলগে একেখন ঠালিতে বিৰিয়ানী খাই আছে যদিও টিকটৰ সময়ত ঠালি ক'ত পৰিবগৈ চাই থাকক বুলিও মন্তব্য কৰে চতিয়াৰ বিধায়কগৰাকীয়ে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|