‘ঋণ পৰিশোধ কৰিব বিচাৰিছে অজিত ভূঞাই’- বদৰুদ্দিন আজমলক কেতিয়াও মুখ্যমন্ত্ৰী হ’বলৈ নিদিয়ে বিধায়ক পদ্ম হাজৰিকাই

News18 Assam | News18-Assam
Updated:October 24, 2020, 10:08 AM IST
‘ঋণ পৰিশোধ কৰিব বিচাৰিছে অজিত ভূঞাই’- বদৰুদ্দিন আজমলক কেতিয়াও মুখ্যমন্ত্ৰী হ’বলৈ নিদিয়ে বিধায়ক পদ্ম হাজৰিকাই
অসমৰ মাটিত বদৰুদ্দিন আজমলক কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী হ’বলৈ দিয়া নহ’বঃ পদ্ম হাজৰিকা

অসমৰ মাটিত বদৰুদ্দিন আজমলক কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী হ’বলৈ দিয়া নহ’বঃ পদ্ম হাজৰিকা

  • Share this:
‘কোনো বহিঃৰাজ্যৰ শক্তিয়ে অসমত শাসন কৰিব নোৱাৰিব ৷ অসমৰ ভূমিত কোনো বাংলাদেশী মূলৰ মানুহক কেতিয়াও শাসন কৰিবলৈ দিয়া নহ’ব ৷ অসমৰ মাটিত বাংলাদেশীৰ দপদপনি চলিবলৈ দিয়া ন’হব ৷ ’- চতিয়া সমষ্টিৰ এটা পকী পথৰ আধাৰশিলা স্থাপন কৰি এনেদৰে বদৰুদ্দিন আজমলক আক্ৰমণৰ লক্ষ্য কৰি ল’লে চতীয়াৰ বিধায়ক পদ্ম হাজৰিকাই।

পদ্ম হাজৰিকাই লগতে কয় যে, ‘অসমৰ মাটিৰ মানুহ, ভূমিপুত্ৰ, খিলঞ্জীয়াই শাসন কৰিব ৷ ৰাজ্যখনত অনাদি অনন্ত কাললৈ বৃহত্তৰ অসমীয়া জাতিটো একত্ৰিত হৈ থাকিব লাগিব ৷ আৰু অসমীয়া জাতিটো বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিব লাগিব ৷’

ৰঙাপৰাত ৰৌনাথপুৰ-যোগীবিল সংযোগী পথৰ আধাৰশিলা স্থাপন কৰি বিৰছা মুণ্ডা মঞ্চত অনুষ্ঠিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বিধায়ক পদ্ম হাজৰিকাই সাংসদ অজিত কুমাৰ ভূঞাকো সমালোচনা কৰে। বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ’ব কিয় নোৱাৰিব বুলি সাংসদগৰাকীয়ে কৰা প্ৰশ্নক উভতি ধৰি বিধায়ক হাজৰিকাই কয় যে,  ‘বদৰুউদ্দিন আজমলৰ পিঠিত উঠি ৰাজ্যসভাৰ সাংসদ হোৱা আজিত কুমাৰ ভূঞাই এতিয়া ঋণ পৰিশোধ কৰিব বিচাৰিছে ৷ যাৰ বাবেই বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ’লে কোনো আপত্তি নাই বুলি কৈছে ৷’
Published by: Himangshu Bhuyan
First published: October 24, 2020, 10:08 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading