‘অসমীয়াক আক্ৰমণ কৰিলে হাতত বন্দুক নলৈ ধৰ্মগ্ৰন্থ লৈ যাম নেকি?’- ৰিপুণ বৰাক উভতি ধৰিলে পদ্ম হাজৰিকাই

মোৰ গাত অসমীয়াৰ তেজ আছে, অসমীয়া জাতিৰ বাবে যিকোনো পৰ্যায়লৈকে যাবলৈ মই কুণ্ঠাবোধ নকৰো ৷- মন্তব্য চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ
মোৰ গাত অসমীয়াৰ তেজ আছে, অসমীয়া জাতিৰ বাবে যিকোনো পৰ্যায়লৈকে যাবলৈ মই কুণ্ঠাবোধ নকৰো ৷- মন্তব্য চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ
- News18 Assam
- Last Updated: August 1, 2020, 8:11 PM IST
আৰু এনেদৰে হাতত পদ্ম হাজৰিকাই বন্দুক লৈ যোৱাৰ প্ৰসংগত সমালোচনা কৰি চতিয়াত বিহাৰ-উত্তৰ প্ৰদেশৰ দৰে পদ্ম হাজৰিকাই মাফিয়াৰাজ চলাইছে বুলি মন্তব্য কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।
শণিবাৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক লগত লৈ পুনৰ চকীঘাটত উপস্থিত হোৱা বিধায়ক পদ্ম হাজৰিকাই ৰিপুণ বৰাক ওলোটাই প্ৰশ্ন কৰে যে, অসমীয়া যুৱকৰ তেজৰে ৰাঙলী হোৱা চকী ঘাটত হাতত বন্দুক নলৈ কি কৰিব লাগিছিল মই? খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰা স্থানলৈ মই কি ধৰ্ম গ্ৰন্থ লৈ যাব লাগিছিল নেকি?’