২০২১ত অসমত বিজেপি চৰকাৰৰ পতন হ’ব, শূন্য হ’ব অগপ – ক’লে এইগৰাকী বিধায়কে

News18 Assam | News18-Assam
Updated:November 15, 2020, 12:22 PM IST
২০২১ত অসমত বিজেপি চৰকাৰৰ পতন হ’ব, শূন্য হ’ব অগপ – ক’লে এইগৰাকী বিধায়কে
অগপ নীতি–আদর্শহীন দললৈ পৰ্যবসিত হ’ল বুলি কয় দলটোৰ জ্যেষ্ঠ বিধায়কগৰাকীয়ে।

অগপ নীতি–আদর্শহীন দললৈ পৰ্যবসিত হ’ল বুলি কয় দলটোৰ জ্যেষ্ঠ বিধায়কগৰাকীয়ে।

  • News18 Assam
  • Last Updated: November 15, 2020, 12:22 PM IST
  • Share this:
২০২১ চনত অসমত বিজেপি চৰকাৰৰ পতন হ’ব। News18ৰ আগত এই বিস্ফোৰক মন্তব্য আগবঢ়ালে অগপ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ ডেকাই। আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদৰ আসন শূন্য হ’ব বুলিও কয় পবিন্দ্ৰ ডেকাই।

অগপ নীতি–আদর্শহীন দললৈ পৰ্যবসিত হ’ল বুলি কয় দলটোৰ জ্যেষ্ঠ বিধায়কগৰাকীয়ে। অগপ দলক কঠোৰ ভাষাৰে সমালোচনা কৰা পবিন্দ্ৰ ডেকাই ‘কা’ বিৰোধী স্থিতিলৈ পুনৰ পাটাছাৰকুছি বিধানসভা সমষ্টিত নিৰ্বাচনত নামিব বুলি কয়। অৱশ্যে তেওঁ কোন দলৰ হৈ নিৰ্বাচন খেলিব সেই কথা জানুৱাৰীৰ প্ৰথম সপ্তাহত ৰাজহুৱা কৰিব। আগন্তুক নিৰ্বাচন সম্পৰ্কত পাটাছাৰকুছিবাসীৰ সৈতে আলোচনা মৰ্মে তেওঁ সিদ্ধান্ত ল’ব বুলি জানিবলৈ দিয়ে।

কোন দলৰ হৈ নিৰ্বাচন খেলিব সেই কথা এতিয়াই ৰাজহুৱা নকৰিলেও তেওঁ আঞ্চলিক দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইংগিত দিয়ে। উল্লেখযোগ্য যে পবিন্দ্ৰ ডেকাই পাটাছাৰকুছি সমষ্টিৰ পৰা এইপৰ্যন্ত তিনিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।
Published by: Sanjay Kumar Das
First published: November 15, 2020, 12:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading