உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • MLA Nurul Huda : ''সংবাদ মাধ্যম নিৰপেক্ষ হওক, চৰকাৰক তৈলমৰ্দন কৰা চৰিত্ৰ বাদ দিয়ক''- কিয় ক'লে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই?

    MLA Nurul Huda : ''সংবাদ মাধ্যম নিৰপেক্ষ হওক, চৰকাৰক তৈলমৰ্দন কৰা চৰিত্ৰ বাদ দিয়ক''- কিয় ক'লে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই?

    লগতে ক'লে- ''মই কোনো কাৰণতে অগপত যোগদান নকৰোঁ। মই নিষ্ঠাৱান কংগ্ৰেছী।''

    লগতে ক'লে- ''মই কোনো কাৰণতে অগপত যোগদান নকৰোঁ। মই নিষ্ঠাৱান কংগ্ৰেছী।''

    লগতে ক'লে- ''মই কোনো কাৰণতে অগপত যোগদান নকৰোঁ। মই নিষ্ঠাৱান কংগ্ৰেছী।''

    • Share this:
    নগাঁৱত সাংবাদিকক নীতিশিক্ষাৰ পাঠ দিলে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই। শেহতীয়াভাৱে কংগ্ৰেছৰ কেইবাগৰাকীও সংখ্যালঘু বিধায়কে অগপত যোগ দিয়াৰ খবৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকী ক্ষোভিত হৈ পৰে।

    তেওঁ (MLA Nurul Huda) সংবাদ মাধ্যমক নীতিশিক্ষা দি কয়, "এইবোৰ সংবাদ মাধ্যমৰ দ্বাৰা সৃষ্ট উৰাবাতৰি। অসমৰ সংবাদ মাধ্যমে চৰকাৰক তৈলমৰ্দন কৰা বন্ধ কৰক। সংবাদ মাধ্যম নিৰপেক্ষ হ'বলৈ শিকক। মই কোনো কাৰণতে অগপত যোগদান নকৰোঁ। মই নিষ্ঠাৱান কংগ্ৰেছী।"

    পিছে বিধায়কগৰাকীক ৰিপুণ বৰা, সুশান্ত বৰগোহাঁই, ৰূপজ্যোতি কুৰ্মী আৰু শশীকান্ত দাসৰ উদাহৰণ দিয়াত তেওঁ কয়, "আমাৰ আগতে ভুল হৈছে, কিন্তু এতিয়া আৰু নহয়। কংগ্ৰেছ এৰি আৰু কোনো বিধায়ক নাযায়।" ইপিনে চিন্তন বৈঠকত ৰকিবুল হুছেইন কিয় উপস্থিত নাথাকিল বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "এয়া তেওঁৰ ব্যক্তিগত বিষয়।"
    Published by:Gautam Barman
    First published: