ৰহাত ৰহস্যজনকভাৱে মৃত্যু হোৱা কিশোৰীৰ দুৰ্ভগীয়া পৰিয়ালৰ সাক্ষাৎ বিধায়ক ডাঃ নোমল মমিনৰ, ২ লাখ টকাৰ সাহায্যৰ আশ্বাস

News18 Assam | News18-Assam
Updated:April 27, 2021, 7:01 PM IST
ৰহাত ৰহস্যজনকভাৱে মৃত্যু হোৱা কিশোৰীৰ দুৰ্ভগীয়া পৰিয়ালৰ সাক্ষাৎ বিধায়ক ডাঃ নোমল মমিনৰ, ২ লাখ টকাৰ সাহায্যৰ আশ্বাস
প্ৰয়াত কিশোৰীগৰাকীৰ পিতৃ–মাতৃক সাক্ষাৎ কালত সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ আশ্বাস দিয়ে নোমল মমিনে।

প্ৰয়াত কিশোৰীগৰাকীৰ পিতৃ–মাতৃক সাক্ষাৎ কালত সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ আশ্বাস দিয়ে নোমল মমিনে।

  • Share this:
ৰহাত ৰহস্যজনক বনকৰা কিশোৰীৰ মৃত্যুৰ ঘটনাক ধিক্কাৰ দিছে বিধায়ক ডাঃ নোমল মমিনে। আজি মৃত কিশোৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনায় বোকাজানৰ বিজেপি বিধায়ক ডাঃ নোমল মমিনে। প্ৰয়াত কিশোৰীগৰাকীৰ পিতৃ–মাতৃক সাক্ষাৎ কালত সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ আশ্বাস দিয়ে নোমল মমিনে।

দুৰ্ভগীয়া পৰিয়ালটোক নিজৰ দৰমহাৰ পৰা ২ লাখ টকা প্ৰদানৰ আশ্বাস দিয়ে বিজেপি বিধায়কগৰাকীয়ে। সমগ্ৰ ঘটনাৰ উচিত তদন্ত সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰা নোমল মমিনে ঘটনাত জড়িত মূল দোষী কেতিয়াও সাৰি যাব নোৱাৰিব বুলি কয়।
Published by: Sanjay Kumar Das
First published: April 27, 2021, 7:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি