বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ পূৰ্বে এতিয়া কোৰোণাত আক্ৰান্ত ইজনৰ পিছত সিজন বিধায়ক

৩১ আগষ্টৰ পৰা অসম বিধান সভাৰ গ্ৰীষ্মকালীন অধিৱেশন।
৩১ আগষ্টৰ পৰা অসম বিধান সভাৰ গ্ৰীষ্মকালীন অধিৱেশন।
- News18 Assam
- Last Updated: August 8, 2020, 10:57 PM IST
পূৰ্বে ৰাজ্যৰ কেইবাজনো বিজেপি বিধায়ক ক্ৰমে পাথাৰকান্দিৰ সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পাল, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া, সোনাৰী সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন আৰু সোনাই সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ উপাধাক্ষ আমিনুল হক লস্কৰো আক্ৰান্ত হৈছিল কোভিড ১৯ত।
শেহতীয়া ভাৱে অসম বিধান সভা সচিবালয়ৰ দহ জনতকৈ অধিক কৰ্মচাৰীৰ দেহতো কোৰোণাৰ অৱস্থিতি ধৰা পৰিছে। সেয়েহে জনপ্ৰতিনিধি আৰু বিধান সভা সচিবালয়ৰ কৰ্মচাৰী কোৰোণাত আক্ৰান্ত হোৱাৰ খবৰে অধিক চিন্তিত কৰিছে বিধান সভা কৰ্তৃপক্ষক।