உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জিলা উপায়ুক্তৰ বিৰুদ্ধে ক্ষোভ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ, বানাক্ৰান্তক লৈ মুখ্যমন্ত্ৰীক ভুল তথ্য দিয়াৰ অভিযোগ

    জিলা উপায়ুক্তৰ বিৰুদ্ধে ক্ষোভ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ, বানাক্ৰান্তক লৈ মুখ্যমন্ত্ৰীক ভুল তথ্য দিয়াৰ অভিযোগ

    মাত্ৰ এমাহৰ ভিতৰতে হোৱা দ্বিতীয়টো ব‍ানে প্ৰলয়ংকৰী ৰূপ লৈছে ৰাজ্যত। আন জিলাৰ সমান্তৰালভাৱে হাইলাকান্দি জিলাতো দেখা গৈছে বানৰ সংহাৰী ৰূপ।

    মাত্ৰ এমাহৰ ভিতৰতে হোৱা দ্বিতীয়টো ব‍ানে প্ৰলয়ংকৰী ৰূপ লৈছে ৰাজ্যত। আন জিলাৰ সমান্তৰালভাৱে হাইলাকান্দি জিলাতো দেখা গৈছে বানৰ সংহাৰী ৰূপ।

    মাত্ৰ এমাহৰ ভিতৰতে হোৱা দ্বিতীয়টো ব‍ানে প্ৰলয়ংকৰী ৰূপ লৈছে ৰাজ্যত। আন জিলাৰ সমান্তৰালভাৱে হাইলাকান্দি জিলাতো দেখা গৈছে বানৰ সংহাৰী ৰূপ।

    • Share this:
    মুখ্যমন্ত্ৰীক ভূল তথ্য প্ৰদান কৰিছে হাইলাকান্দিৰ জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝাই। ভিডিঅ’ কনফাৰেঞ্চত মুখ্যমন্ত্ৰীক হাইলাকান্দি জিলা উপায়ুক্তগৰাকীয়ে দিয়া তথ্য সম্পূৰ্ণ ভুল বুলি অভিযোগ কৰিছে বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে। বিধায়কগৰাকীয়ে কয়, জিল‍া উপায়ুক্তই হাইলাকান্দিৰ পৰিস্থিতি স্বাভাৱিক বুলি কৈছে। কিন্তু বানত জিলাখনত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো হাইলাকান্দি জিলা প্ৰশাসনে বানাক্ৰান্তক দিয়া নাই সাহায্য সামগ্ৰী। নিজ সমষ্টিৰ বিভিন্ন ব‍ানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত এইদৰে ক্ষোভ ব্যক্ত কৰে বিধায়কগৰাকীয়ে।

    মাত্ৰ এমাহৰ ভিতৰতে হোৱা দ্বিতীয়টো ব‍ানে প্ৰলয়ংকৰী ৰূপ লৈছে ৰাজ্যত। আন জিলাৰ সমান্তৰালভাৱে হাইলাকান্দি জিলাতো দেখা গৈছে বানৰ সংহাৰী ৰূপ। হাইলাকান্দি জিলাত এই বানে আটাইতকৈ অধিক প্লাৱিত কৰিছে আলগাপুৰ সমষ্টিৰ বিভিন্ন অঞ্চল। সমষ্টিটোৰ মাজেৰে যোৱা ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ ৭টা স্থানত বানপানীয়ে প্লাৱিত কৰাৰ ফলত বন্ধ কৰি দিয়া হৈছে যান–বাহনৰ চলাচল। বিদ্যালয়, হাস্পতাল সকলোতে মাথোঁ পানী আৰু পানী। ঘৰ এৰি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে আশ্ৰয় লৈছে বানাক্ৰান্তই। কিন্তু এতিয়ালৈকে এই অঞ্চলটোত উপস্থিত হোৱা নাই জিলা প্ৰশাসনৰ কোনো বিষয়া। দিয়া নাই কোনো সাহায্য সামগ্ৰী। নাই বিশুদ্ধ খোৱ‍া পানীও। অনাহাৰে–অৰ্ধাহাৰে বৰষুণৰ পানী খাই পথৰ ওপৰতে সময় অতিবাহিত কৰিছে বানাক্ৰান্ত ৰাইজে। মঙলবাৰে এই অঞ্চল পৰিদৰ্শন কৰে আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে। লগতে বানাক্ৰান্ত সকলোক ব্যক্তিগতভাৱে কিছু আৰ্থিক সাহায্যও প্ৰদান কৰে বিধায়কগৰাকীয়ে।

    ইপিনে, এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাইলাকান্দি জিলা প্ৰশাসনৰ ওপৰত তীব্ৰ ক্ষোভ ব্যক্ত কৰে বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতো হাইলাকান্দি জিলা প্ৰশাসনে বানাক্ৰান্ত ৰাইজক সাহায্য দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে বিধায়ক চৌধুৰীয়ে। লগতে জিল‍া উপায়ুক্ত ৰোহন কুমাৰ ঝাই ভিডিঅ’ কনফাৰেঞ্চত মুখ্যমন্ত্ৰীক সম্পূৰ্ণ ভূল তথ্য দিয়াৰো অভিযোগ উত্থাপন কৰে বিধায়ক চৌধুৰীয়ে। ইয়াৰ উপৰি চক্ৰ বিষয়া আদিকে ধৰি এজনো চৰকাৰী বিষয়া বানাক্ৰান্ত অঞ্চললৈ যোৱা নাই বুলি অভিযোগ উত্থাপন কৰে বিধায়ক লস্কৰে।

    উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীক ভিডিঅ’ কনফাৰেঞ্চৰ মাধ্যমেৰে হাইলাকান্দি জিলাৰ ২০খন গাঁৱৰ ২৯২৭ গৰাকী ব্যক্তি বানত ক্ষতিগ্ৰস্থ হৈছে বুলি জনাইছিল উপায়ুক্ত ৰোহন কুমাৰ ঝাই। লগতে জিলাখনৰ অৱস্থা সম্পূৰ্ণ স্বাভাৱিক হৈ থকা বুলিও মুখ্যমন্ত্ৰীক জনাইছিল উপায়ুক্তগৰাকীয়ে।
    Published by:Sanjay Kumar Das
    First published: