உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ দাবীত বিধানসভাৰ মূল প্ৰৱেশদ্বাৰত প্ৰতিবাদ বিধায়িকা নন্দিতা দাসৰ

    অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ দাবীত বিধানসভাৰ মূল প্ৰৱেশদ্বাৰত প্ৰতিবাদ বিধায়িকা নন্দিতা দাসৰ

    বিধায়িকা নন্দিতা দাসে কয় যে সীমান্ত অঞ্চলৰ মানুহক চৰকাৰে শীঘ্ৰে সুৰক্ষা দিয়ক।

    বিধায়িকা নন্দিতা দাসে কয় যে সীমান্ত অঞ্চলৰ মানুহক চৰকাৰে শীঘ্ৰে সুৰক্ষা দিয়ক।

    বিধায়িকা নন্দিতা দাসে কয় যে সীমান্ত অঞ্চলৰ মানুহক চৰকাৰে শীঘ্ৰে সুৰক্ষা দিয়ক।

    • Share this:

    অসম মেঘালয়ৰ সীমা সমস্যা সমাধানৰ দাবীত বিধানসভাৰ মূল প্ৰৱেশদ্বাৰত প্ৰতিবাদত বহিল কংগ্ৰেছী বিধায়িকা নন্দিতা দাস (MLA Nandita Das)। বিধান সভাৰ প্ৰৱেশ পথত বহি প্ৰতিবাদ সাব্যস্ত কৰা বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে অসমৰ মাটি কোনো কাৰণতেই মেঘালয়ক এৰি দিয়া নহ'ব বুলি হুংকাৰ দিয়ে।


    সীমা সমস্যা সমাধানৰ দাবীত (demanding a solution to the border problem) অটল বকো সমষ্টিৰ কংগ্ৰেছী বিধায়িকা নন্দিতা দাসে সীমান্ত অঞ্চলৰ ৰাইজৰ সুৰক্ষাৰ দাবীও তোলে।  জ্যেষ্ঠ কংগ্ৰেছ বিধায়িকা নন্দিতা দাসে কয় যে সীমান্ত অঞ্চলৰ মানুহক চৰকাৰে শীঘ্ৰে সুৰক্ষা দিয়ক। উল্লেখ্য যে বকো সমষ্টিৰ অন্তৰ্গত লাংপি অঞ্চলত এতিয়াও ভয়-ভাবুকিত দিন অতিবাহিত কৰিবলগীয়া হৈছে অসমৰ জনজাতীয় লোকসকলে।


    উল্লেখ্য, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্বত থকা নন্দিতা দাসৰ (Nandita Das protest) দৰে  একেটা স্থানতে শীতকালীন অধিৱেশৰ প্ৰথম দিনটোত কৰিমগঞ্জত মেডিকেল কলেজ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই।


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    Published by:Gautam Barman
    First published: