• Home
  • »
  • News
  • »
  • assam
  • »
  • MLA Manoranjan Talukdar: এবছৰে কি কৰিলে সৰভোগ সমষ্টিৰ CPI(M) বিধায়ক মনোৰঞ্জন তালুকদাৰে? সংবাদমেলত দিলে খতিয়ান

MLA Manoranjan Talukdar: এবছৰে কি কৰিলে সৰভোগ সমষ্টিৰ CPI(M) বিধায়ক মনোৰঞ্জন তালুকদাৰে? সংবাদমেলত দিলে খতিয়ান

সংবাদমেলত স্বাস্থ্য, শিক্ষা আৰু যাতায়াতৰ ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰে।

সংবাদমেলত স্বাস্থ্য, শিক্ষা আৰু যাতায়াতৰ ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰে।

সংবাদমেলত স্বাস্থ্য, শিক্ষা আৰু যাতায়াতৰ ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰে।

  • Share this:
বিধায়ক মনোৰঞ্জন তালুকদাৰে সৰভোগ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। তেওঁৰ এবছৰীয়া কাৰ্যকালত কৰা বিভিন্ন কাম-কাজৰ খতিয়ান সম্পৰ্কে তেওঁ আজি এক সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত স্বাস্থ্য, শিক্ষা আৰু যাতায়াতৰ ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰে। স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰত তেওঁ লোৱা পদক্ষেপসমূহৰ ভিতৰত খাৰিজা-বিজনী অঞ্চলত ৩০ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয় বগৰীগুৰি গাঁৱত ১.৫ কোটি টকা ব্যয়েৰে  নিৰ্মাণৰ বাবে মঞ্জুৰী লাভ কৰে। সেইদৰে শিক্ষাৰ ক্ষেত্ৰত তেওঁ সমষ্টিটোৰ মুঠ ১৯ খন শিক্ষানুষ্ঠানক প্ৰতিখন শিক্ষানুষ্ঠানক ৫০ লাখকৈ টকা অনুদান দিয়াৰ লগতে সৰভোগৰ বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ক ৩ কোটি টকাৰ অনুদান আগবঢ়ায়।

ইয়াৰ লগতে ডোমনীৰ পৰা গাইবান্ধা বজাৰলৈ আৰু বাৰাপেটা-আমগুৰি চ'কৰ পৰা ৰাঙাচাৰা বজাৰলৈ যোৱা পথৰ উপৰি লোক নিৰ্মাণ পথ বিভাগৰ জৰিয়তে RIDF আঁচনিৰ ২০২১-২২ বৰ্ষৰ বাবে ১০ কোটি টকা আবণ্টন লাভ কৰে । এই পুঁজিৰে নতুন ৫টা পথ নিৰ্মাণ কৰে।

বৰপেটাৰোডৰ  লক্ষ্মীনাথ বৰুৱা সদন আৰু সৰভোগৰ গান্ধী ভৱনৰ নিৰ্মাণকাৰ্য অতি সোনকালে সমাপন কৰাৰ বাবে চৰকাৰী পক্ষক হেঁচা প্ৰদানৰ কথা ব্যক্ত কৰে। ১২ কোটি টকা ব্যয় সাপেক্ষে সৰভোগ মিনি ষ্টেডিয়ামৰ আন্তঃগাঁথনি উন্নয়নৰ প্ৰস্তাৱ বাজেটত উত্থাপন কৰে।

অনাগত দিনত সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে (MLA Manoranjan Talukdar) পৰিকল্পনা অনুসৰি মুূঠ ৮ খন দলঙৰ প্ৰস্তাৱ দাঙি ধৰাৰ লগতে বেঁকী-নলঝৰা নৈৰ ওপৰত খুদনাবাৰী গাঁও আৰু খুদনাবাৰী পথাৰৰ মাজত সংযোগী ৫০০ মিটাৰ দৈৰ্ঘ্যৰ বৃহৎ দলং এখন নিৰ্মাণৰ বাবে তেওঁ পদক্ষেপ গ্ৰহণ কৰিব। তদুপৰি গোৱৰ্ধনা অঞ্চলত তেওঁ এখন চৰকাৰী মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনাও দাঙি ধৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি