‘ৰাজনৈতিকভাৱে মোৰ ডিঙি কটাতকৈ শাৰীৰিকভাৱে কাটিব লাগিছিল’ – ক্ষোভ এগৰাকী বিধায়কৰ

News18 Assam | News18-Assam
Updated:March 9, 2021, 3:52 PM IST
‘ৰাজনৈতিকভাৱে মোৰ ডিঙি কটাতকৈ শাৰীৰিকভাৱে কাটিব লাগিছিল’ – ক্ষোভ এগৰাকী বিধায়কৰ
প্ৰথমবাৰলৈ ভৰত নৰহে এইবাৰ নাওবৈচা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব।

প্ৰথমবাৰলৈ ভৰত নৰহে এইবাৰ নাওবৈচা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব।

  • Share this:
নাওবৈচা সমষ্টি কংগ্ৰেছক এৰি দিয়াত সাংঘাতিকভাৱে ভাঙি পৰিছে এআইইউডিএফৰ বাকপটু যুৱ বিধায়ক মামুন ইমদাদুল হক চৌধুৰী। প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া নাওবৈচা সমষ্টিত বিৰোধী মহাজোঁটৰ প্ৰাৰ্থী হ’ল প্ৰাক্তন মন্ত্ৰী ভৰত চন্দ্ৰ নৰহ। উল্লেখযোগ্য যে পূৰ্বতে পাঁচটা কাৰ্যকাল ভৰত নৰহে ঢকুৱাখনা বিধান সভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। প্ৰথমবাৰলৈ ভৰত নৰহে এইবাৰ নাওবৈচা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব।

সেয়ে মঙলবাৰৰ দিনটোত মনোনোয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখত আবেগিক হৈ মামুন ইমদাদুল হক চৌধুৰীয়ে ফেচবুকত এক আবেগিক পোষ্ট দিছে। পোষ্টটোত লিখিছে, "আজি মনোনোয়ন দাখিলৰ অন্তিম দিন। নিৰ্দলীয় মই নেখেলো। মই friendly contest কৰিব বিচাৰিছিলো। কিন্তু দিয়া নহ’ল। ৫টাকৈ সমষ্টিত friendly খেলিলে alliance নাভাঙে কিন্তু মই friendly খেলিলে হেনো alliance ভাঙি যাব! কি আজৱ কাৰবাৰ! ৰাজনৈতিক ভাৱে মোক ডিঙি কটাতকৈ শাৰীৰিক ভাৱে কাটিব লাগিছিল। তেজখিনিত হয়তো ধন নাথাকিলে হয়, কিন্তু কোনো হাৰামৰ ৰক্ত নাপালে হয়। একমাত্ৰ সিমিত দৰমহাৰে চলি অন্যায় পথেৰে ধন আহৰণ নকৰাটো মোৰ অপৰাধ হ’ব নোৱাৰে। Allianceৰ data based clerical।"

বিগত পাঁচ বছৰত অসম বিধানসভাত সুন্দৰ ভাষণেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বিৰোধী বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ অভাৱ এইবাৰ সকলোৱে অনুভৱ কৰিব।
Published by: Sanjay Kumar Das
First published: March 9, 2021, 3:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি