অনন্য ৰূপত বিধায়ক কিশোৰ নাথ, নিজেই হাতে–কামে লাগি সাজি দিলে অসহায় মহিলাৰ ঘৰ

News18 Assam | News18-Assam
Updated:May 8, 2020, 11:17 AM IST
অনন্য ৰূপত বিধায়ক কিশোৰ নাথ, নিজেই হাতে–কামে লাগি সাজি দিলে অসহায় মহিলাৰ ঘৰ
হাতত দা লৈ বিধায়ক কিশোৰ নাথে নিজে কাটিলে বাঁহ৷ দিনটোৰ ভিতৰতে সাজি দিলে এটা ঘৰ৷

হাতত দা লৈ বিধায়ক কিশোৰ নাথে নিজে কাটিলে বাঁহ৷ দিনটোৰ ভিতৰতে সাজি দিলে এটা ঘৰ৷

  • Share this:
সমষ্টি বৰখলা৷ কাছাৰ জিলাৰ অন্তৰ্গত বৰখলা সমষ্টিৰ বাউলা গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ কাষত বৃহস্পতিবাৰে থিয় দিলে সমষ্টিটোৰ বিধায়ক কিশোৰ নাথ৷ লগত আছিল একাংশ বিজেপি কাৰ্যকৰ্তা৷ স্বামীহীনা সবিতা দাসক প্ৰয়োজন আছিল এটা ঘৰৰ৷ শোৱাপাটিৰ পৰা আকাশৰ জোন দেখা সবিতা দাসক PMAYৰ ঘৰ দিবলৈও লাগিব সময়৷ যাৰ বাবে বৃহস্পতিবাৰে বিধায়ক কিশোৰ নাথে লগত বিজেপিৰ কাৰ্যকৰ্তাক লগত লৈ উপস্থিত হ'ল সবিতা দাসৰ বাসগৃহত৷

হাতত দা লৈ বিধায়ক কিশোৰ নাথে নিজে কাটিলে বাঁহ৷ দিনটোৰ ভিতৰতে সাজি দিলে এটা ঘৰ৷ বিধায়ক কিশোৰ নাথে ক’লে, "সবিতা দাসৰ অৱস্থা একেবাৰে বেয়া৷ তেওঁ নিজে একো কাম–কাজ কৰিব নোৱাৰে৷ PMAYঘৰ পাব তেওঁ৷ কিন্তু সেইটোলৈ সময় লাগিব৷ গতিকে হাতে–কামে সদ্যহতে থাকিব পৰাকৈ ঘৰ এটা বান্ধি দিছো৷"
First published: May 8, 2020, 11:17 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading