• Home
  • »
  • News
  • »
  • assam
  • »
  • Karim Uddin Barbhuiya : দালাল! যিবোৰ কাম কৰে দালালৰ দৰে কৰে— কৰিমউদ্দিন বৰভূঞাক দালালৰে তুলনা

Karim Uddin Barbhuiya : দালাল! যিবোৰ কাম কৰে দালালৰ দৰে কৰে— কৰিমউদ্দিন বৰভূঞাক দালালৰে তুলনা

তেওঁ ক'লে- মুখ্যমন্ত্ৰী হ'ল মাষ্টৰ, মাষ্টৰে কোৱা মতেই কৰিমউদ্দিনে কাম কৰে

তেওঁ ক'লে- মুখ্যমন্ত্ৰী হ'ল মাষ্টৰ, মাষ্টৰে কোৱা মতেই কৰিমউদ্দিনে কাম কৰে

তেওঁ ক'লে- মুখ্যমন্ত্ৰী হ'ল মাষ্টৰ, মাষ্টৰে কোৱা মতেই কৰিমউদ্দিনে কাম কৰে

  • Share this:
কংগ্ৰেছৰ ছয় বিধায়কে দল ত্যাগ কৰি বদৰুদ্দিন আজমলৰ AIUDFত যোগ দিব বুলি বিধায়ক কৰিমউদ্দিন বৰভূঞাই দাবী কৰিছিল। কৰিমউদ্দিনৰ এই দাবীক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইতিমধ্যে নস্যাৎ কৰিছে। সভাপতি বৰাৰ পিছত এইবাৰ AIUDF বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ মন্তব্যক সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থই 'দালাল'ৰ সৈতে তুলনা কৰে৷

News18ৰে হোৱা এক সাক্ষাৎকাৰত কমলাক্ষ দে' পুৰকায়স্থই ক'লে- “AIUDFৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা যিবোৰ কাম কৰে; তাক ৰাইজে জানে। ক'বলৈ বেয়া শব্দটো— দালাল৷ যিবোৰ কাম কৰে দেয়া দালালিৰ দৰেই৷ নিৰ্বাচনৰ সময়ত টিকটৰ বাবে কি কৰিছিল আৰু এতিয়াও কি কৰি আছে?”

মুখ্যমন্ত্ৰীক সুখী কৰাৰ বাবে বিভিন্ন মন্তব্য কৰিমউদ্দিনে কৰে বুলি দাবী কৰে কমলাক্ষ দে পুৰুকায়স্থই। কমলাক্ষই ক'লে- “মুখ্যমন্ত্ৰী তেওঁৰ মাষ্টৰ৷ মাষ্টৰে যি কয়; তাকে কয় আৰু কয়৷ ৰাতি মাষ্টৰে যি শিকাই— সেয়াই পুৱা কয় কৰিমউদ্দিনে। তেওঁৰ AIUDF নামৰ পৰা All India শব্দটো আঁতৰাই দিব লাগে৷ সৰ্বভাৰতীয় স্তৰত AIUDFৰ কোনো অস্তিত্ব নাই। প্ৰথমতে তেওঁলোকে ৰাজ্যিক পৰ্যায়ত নিজৰ অস্তিত্ব ঠিক কৰক। কিন্তু কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰীলৈ সকলো চিন্তিত। এই কাৰণে BJP, AIUDF সকলো দলে কংগ্ৰেছক লৈ মন্তব্য কৰি আছে৷”
Published by:Gautam Barman
First published: