খিলঞ্জীয়া কোন? বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত আলোচনা বিচাৰিলে কংগ্ৰেছে

News18 Assam | News18-Assam
Updated:February 26, 2020, 5:01 PM IST
খিলঞ্জীয়া কোন? বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত আলোচনা বিচাৰিলে কংগ্ৰেছে
মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত যোৱা উচ্চ পৰ্যায়ৰ কমিটীয়ে দাখিল কৰিছিল প্ৰতিবেদন৷

মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত যোৱা উচ্চ পৰ্যায়ৰ কমিটীয়ে দাখিল কৰিছিল প্ৰতিবেদন৷

  • Share this:
অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে গঠিত উচ্চ ক্ষমতা সম্পন্ন কমিটীয়ে মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰা প্ৰতিবেদন প্ৰথমতে অসম বিধান সভাত আলোচনাৰ পোষকতা কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰুকায়স্থৰ৷

মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত যোৱা উচ্চ পৰ্যায়ৰ কমিটীয়ে দাখিল কৰিছিল প্ৰতিবেদন৷ ইয়াৰ পিছতেই খিলঞ্জীয়াৰ সংজ্ঞা ১৯৫২ চনক ভিত্তিবৰ্ষ হিচাপে ল'বলৈ উচ্চ পৰ্যায়ৰ কমিটীয়ে দিয়া পৰামৰ্শক লৈ সৰৱ হৈ উঠিল কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰুকায়স্থ৷

বিধায়ক পুৰুকায়স্থৰ দাবী, “দিল্লীলৈ প্ৰেৰণৰ পূৰ্বে আলোচনা হওক বিধানসভাত৷ ১৯৫১ ভিত্তি বৰ্ষক লৈ আমাৰ ক'বলগীয়া আছে৷ অসমীয়া কোন? সংজ্ঞাই আজিলৈকে নিৰূপণ হোৱা নাই৷ সদনত বিতংকৈ আলোচনা হওক৷ ভুল প্ৰতিবেদন যাতে নহয়, তাৰ বাবে আলোচনা হওক৷ সকলোৱে মতামত প্ৰকাশ কৰক৷”

ইপিনে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো বিধায়ক পুৰুকায়স্থক সমৰ্থন কৰে৷ শইকীয়াই News18ক ক'লে, “দিল্লীলৈ অসম চুক্তিৰ ৬নং দফাৰ উচ্চ পৰ্যায়ৰ কমিটীৰ প্ৰতিবেদন প্ৰেৰণ কৰাৰ পূৰ্বে অসম বিধানসভাত আমি আলোচনা হোৱাটো বিচাৰিছো৷ কেন্দ্ৰই প্ৰতিবেদন পোনপটীয়াকৈ নল'লে কিয়? আমাৰ যুক্তি শুনক৷”

ৰাজ্যসভাৰ খালী হ'বলগীয়া তিনিখন আসনক লৈ বিৰোধী কংগ্ৰেছ আৰু AIUDF–এ কেনেদৰে একত্ৰিত হ'ব? সেই লৈ এতিয়া চলিছে সৰৱ আলোচনা৷ এই প্ৰসংগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে, “ৰাজ্যসভাৰ এখন আসনত আমি বিৰোধী একত্ৰিত হ'লে জয়ী হ’ম৷ অসমৰ স্বাৰ্থত আমি AIUDFৰ সৈতে একত্ৰিত হৈ উমৈহতীয়া প্ৰাৰ্থী দিলে ভাল হ'ব৷ এইক্ষেত্ৰত আমাৰ হাইকমাণ্ডে সিদ্ধান্ত ল'ব৷ CAA বিৰোধিতা আমি কংগ্ৰেছ আৰু AIUDFয়ে কৰি আহিছো৷ সেই হিচাপত আমি ৰাজ্যসভাৰ এখন আসনত জয়ী হম৷”

এই প্ৰসংগত বিধায়ক কমলাক্ষ দে পুৰুকায়স্থৰো একেই মন্তব্য৷ পুৰুকায়স্থই ক'লে, “ৰাজ্যসভাত কেনেকৈ আমাৰ প্ৰাৰ্থী জয়ী কৰাব পাৰো, আমি হাইকমাণ্ডক পৰামৰ্শ দিম৷ হাইকমাণ্ডে সিদ্ধান্ত ল'ব৷”

BJPৰ বিধায়ক তেৰছ গোৱালাই মঙলবাৰে গুৱাহাটীৰ চানমাৰিত কৰ্তব্যৰত ট্ৰেফিক পুলিচক কৰা দুৰ্ব্যৱহাৰৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰুকায়স্থই৷ পুৰুকায়স্থই ক'লে, “আমি আইন বনাও, আইন সভাৰ সদস্যই এনে কাম কৰিব নালাগে৷ আইন সভাৰ সদস্যৰ ৰাইজে চাই থাকে৷ এনে কাম কৰিলে আইনৰ প্ৰতি ৰাইজৰ আস্থা কমিব৷”
আৰু চাওক
পৰৱৰ্তী বাতৰি