உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘মই বিধায়িকা আঙুৰলতাক লৈ একো কোৱা নাই, আঙুৰলতা বহু থাকিব পাৰে’ – ওলোটা খৰ কমলছিং নাৰ্জাৰীৰ

    ‘মই বিধায়িকা আঙুৰলতাক লৈ একো কোৱা নাই, আঙুৰলতা বহু থাকিব পাৰে’ – ওলোটা খৰ কমলছিং নাৰ্জাৰীৰ

    বিধায়কজনৰ এনে মন্তব্যই এতিয়া ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাইছে।

    বিধায়কজনৰ এনে মন্তব্যই এতিয়া ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাইছে।

    বিধায়কজনৰ এনে মন্তব্যই এতিয়া ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাইছে।

    • Share this:
    বিধায়ক কমলছিং নাৰ্জাৰীৰ ওলোটা খৰ। বিধায়িকা আঙুৰলতা ডেকাৰ প্ৰতি একো অশালীন মন্তব্য কৰা নাছিল বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক কমলছিং নাৰ্জাৰীয়ে৷ শেহতীয়া বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়কজনে কয় যে বিজেপিয়ে বিষয়টোক লৈ ৰাজনীতি কৰিছে৷

    নাৰ্জাৰীয়ে কয় – ‘মই বিধায়িকা আঙুৰলতা ডেকাক লৈ একো কোৱা নাই। আঙুৰলতা বহুতৰ নাম থাকিব পাৰে। বিজেপিয়ে বিষয়টোক লৈ উঠি–পৰি লাগি পৰাটো দুৰ্ভাগ্যজনক।’

    উল্লেখযোগ্য যে আঙুৰলতা ডেকাই এইবাৰ বিটিচি নিৰ্বাচনত ব্যাপক প্ৰচাৰ অভিযান চলাইছিল। গীত-নৃত্য কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা আঙুৰলতা ডেকাই প্ৰতিখন নিৰ্বাচনী সভাতে বিপিএফ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। বিধায়ক কমলছিং নাৰ্জাৰীয়ে শালীনতাৰ সকলো সীমা পাৰ কৰি আঙুৰলতা ডেকাৰ প্ৰতি অশ্লীল বাক্যবান নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

    বিধায়কজনৰ এনে মন্তব্যই এতিয়া ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাইছে। এনে সময়তে বিধায়কজনে হাগ্ৰামা মহিলাৰীক বকাসুৰ বুলি কোৱা কোনোবা আঙুৰলতাকহে তেনে মন্তব্য কৰা বুলি ওলোটা খৰ মৰা পৰিলক্ষিত হৈছে৷ কমলছিং নাৰ্জাৰীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ বিধায়িকাগৰাকীক লৈ তেনে মন্তব্য কৰা নাই। তেওঁ সেই কথাখিনি কওঁতে বিধায়িকা বুলিও উল্লেখ কৰা নাই, বটদ্ৰৱা সমষ্টিৰ নামো লোৱা নাই।
    Published by:Sanjay Kumar Das
    First published: