বিটিআৰৰ লগতে তামুলপুৰত ইউপিপিএল দলক অধিক শক্তিশালী কৰিম: জলেন দৈমাৰী
বিটিআৰৰ লগতে তামুলপুৰত ইউপিপিএল দলক অধিক শক্তিশালী কৰিম: জলেন দৈমাৰী
বিটিআৰৰ নতুন জিলা হ'ল তামুলপুৰ। এই তামুলপুৰ জিলাৰ UPPLৰ নতুন সভাপতিৰ দায়িত্বত লাভ কৰে সমষ্টিটোৰ যুৱ বিধায়ক জলেন দৈমাৰীয়ে। মঙলবাৰে জিলাখনৰ সদৰ স্থানত অনুষ্ঠিত সভাত ইউ পি পি এলৰ কেন্দ্ৰীয় নেতৃত্বই বিধায়ক জলেন দৈমাৰীক সভাপতি আৰু গণেশ নাথক সাধাৰণ সম্পাদক (প্ৰশাসনীয়) আৰু মহেন্দ্ৰ ৰাভাক সাধাৰণ সম্পাদক (সংগঠন)ৰ দায়িত্ব অৰ্পণ কৰে (Tamulpur UPPL)।
ইউ পি পি এলৰ নৱ নিৰ্বাচিত জিলা সভাপতি বিধায়ক জলেন দৈমাৰীয়ে দায়িত্ব লাভৰ পিছতে NEWS18ক জনাই যে তেওঁ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলটোক তামুলপুৰত সাংগঠনিকভাৱে অধিক শক্তিশালী কৰিবলৈ সকলোধৰণৰ চেষ্টা চলাব।
তামুলপুৰ বিধান সভা সমষ্টিৰ (Tamulpur Assembly constituency) বিধায়ক জলেন দৈমাৰীয়ে তেওঁক দলে গুৰুদায়িত্ব দিয়াৰ বাবে তেওঁ দলৰ মুৰব্বী প্ৰমোদ বড়ো আৰু ভৈয়াম জনজাতি মন্ত্ৰী ইউ জি ব্ৰহ্মৰ লগতে দলৰ সকলো নেতা-কৰ্মীক ধন্যবাদ জনায়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|