প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'হৰ ঘৰ জল' স্বপ্ন পূৰণৰ বাবে অসমত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সংকল্প পূৰণৰ উদ্দেশ্যে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত দক্ষিণ ননৈ গাঁও পঞ্চায়তৰ পানীগাঁও ১ নং পানী যোগান আঁচনি, নাম গোমোঠা পানীযোগান আঁচনি আৰু কুৰুৱাবাহী খাট আৰু সৰুপথাৰ, চকৰিগাঁও পানীযোগান আঁচনিৰ দেওবাৰে আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক জিতু গোস্বামীয়ে। পানীযোগান আঁচনিসমূূূহৰ আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে কয় যে, দীৰ্ঘদিনৰ পৰা এই অঞ্চলসমূহৰ ৰাইজ এটুপি বিশুদ্ধ খোৱা পানীৰ অভাৱত ভুগি আছিল যদিও আজিৰে পৰা ৰাইজ উপকৃত হ'ব। বিগত বৰ্ষসমূহত বঢ়মপুৰ সমষ্টিবাসী ৰাইজে বহু অসুবিধাৰ মাজেৰে জীৱনযাপন কৰি আহিছিল যদিও এতিয়াৰে পৰা সমষ্টিবাসী ৰাইজে উন্নয়ন ধাৰা দেখিবলৈ পাব বুলি বিধায়কগৰাকীয়ে ব্যক্ত কৰে। তেওঁ লগতে আৰু কয় যে, বৰ্তমান সময়ত বিভিন্ন বেমাৰ খোৱা পানীৰ পৰাই সৃষ্টি হৈ আহিছে। বঢ়মপুৰ সমষ্টিৰ বহু অঞ্চলত আৰ্চেনিক, ফ্ল'ৰাইডযুক্ত পানীৰ বাবে বহু লোক বেমাৰত পৰি আহিছে যদিও এতিয়া বহুখিনি কমিছে।
উল্লেখ্য যে, আজিৰ এই আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে জনস্বাস্থ্য কাৰ্যবাহী বিভাগ নগাঁও সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা গগন তালুকদাৰ, তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, বিশিষ্ট সমাজ সেৱক ভাৰত বৰাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল।
আনহাতে, বঢ়মপুৰ সমষ্টিৰে ৰাঙলু গাওঁ পঞ্চায়তৰ "গড়েহাগী বিল পানীযোগান আঁচনি"খনৰো আধাৰশিলা স্থাপন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰাঙলু গাওঁ পঞ্চায়তৰ সভানেত্ৰী কবিতা বৰদলৈ আৰু ৰাঙলু গাঁও পঞ্চায়তৰ সদস্য - সদস্যা সকলৰ ওপৰি শতাধিক ৰাইজ।
মন কৰিবলগীয়া যে,আজি আধাৰশিলা অনুষ্ঠান সম্পন্ন হোবা বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত পানী যোগান আচঁনি কেইখন হৈছে নাম গোমোঠা গাওঁ-দক্ষিণ ননৈ, ১ নং পানীগাঁও-দক্ষিণ ননৈ, কৰুৱাবাহী খাট আৰু সৰুপথাৰ, চকৰিগাঁও- দক্ষিণ ননৈ, গড়েহাগী বিল-ৰঙালু, জুমুৰমুৰ আৰু ১ নং জুমুৰমুৰ, পশ্চিম নামবৰ লালুং গাঁও, নামবৰ লালুং গাঁও, ১ নং নামবৰ লালুং গাঁও, কাঠিয়াতলী নামবৰ লালুং গাঁও।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 13, 2023, 13:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।