• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘কবি হ'ব নোৱাৰিলে, এতিয়া গান গাইছে’ – ভূপেন বৰাক কটাক্ষ জয়ন্ত মল্লৰ, ক’লে – ৰাজকুমাৰকো মানুহে চায়, কিন্তু...

‘কবি হ'ব নোৱাৰিলে, এতিয়া গান গাইছে’ – ভূপেন বৰাক কটাক্ষ জয়ন্ত মল্লৰ, ক’লে – ৰাজকুমাৰকো মানুহে চায়, কিন্তু...

মাজুলীৰ উপ নিৰ্বাচনক লৈ জয়ন্ত মল্ল বৰুৱাই কয়, যোৱা ৫ বছৰত হোৱা উন্নয়নৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি পোৱা নাই, সেয়ে AJPক দিব বিচাৰিছে।

মাজুলীৰ উপ নিৰ্বাচনক লৈ জয়ন্ত মল্ল বৰুৱাই কয়, যোৱা ৫ বছৰত হোৱা উন্নয়নৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি পোৱা নাই, সেয়ে AJPক দিব বিচাৰিছে।

মাজুলীৰ উপ নিৰ্বাচনক লৈ জয়ন্ত মল্ল বৰুৱাই কয়, যোৱা ৫ বছৰত হোৱা উন্নয়নৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি পোৱা নাই, সেয়ে AJPক দিব বিচাৰিছে।

  • Share this:
কবিতাৰ পিছত এইবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ গান ৷ ভূপেনৰ গানক লৈ শাসকীয় বিধায়কৰ কটাক্ষ। বিধায়ক জয়ন্ত মল্ল বৰুৱাই ক’লে, ‘‘অসমৰ ৰাজনীতিৰ কাৰণে দুৰ্ভাগ্য যে বিৰোধী দলৰ সভাপতি ইমান সস্তীয়া। কবি হ'ব নোৱাৰিলে, এতিয়া গান গাইছে। কিন্তু ইমান বেসুৰা গান কোনেও নুশুনে। অসমত জুবিনকো মানুহে চায়, ৰাজকুমাৰকো চায়, কিন্তু...।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত থাকোতে চান্দা সংস্কৃতিৰ লগত তেওঁ জড়িত আছিল। সেই কাৰণে বিহুৰ চান্দাক লৈ এনে মন্তব্য কৰিছে বুলি কয় জয়ন্ত মল্ল বৰুৱাই। এইবাৰ বিহু পূৰ্বতকৈ ভাল হ'ব, চৰকাৰৰো অনুদান থাকিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।

মাজুলীৰ উপ নিৰ্বাচনক লৈ জয়ন্ত মল্ল বৰুৱাই কয়, যোৱা ৫ বছৰত হোৱা উন্নয়নৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি পোৱা নাই, সেয়ে AJPক দিব বিচাৰিছে। পূৰ্বৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও এতিয়া তেওঁলোকৰ লগত নাই ৷ বিপুল ভোটত জয়ী হ'ব বিজেপি৷

ইফালে, শ্বেৰমান আলী সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাই কয়, ‘‘কংগ্ৰেছে নিজৰ দলৰ সদস্যসকলক দলে ধৰি ৰাখিব পৰা নাই। কংগ্ৰেছৰ বিধায়কসকল এতিয়া দিকভ্ৰস্ত, ক'ত যাব কাক ভোট দিব ঠিক নোহোৱা হৈছে। আগতে কৈছো বিচাৰিলে কংগ্ৰেছ খালী কৰি দিব পাৰি। সত্ৰৰ খুটাত লঠিয়াই সত্ৰাধিকাৰক ক্ষমা খুজিলেই কথাবোৰ পাহৰা নাযায়। এনে ঘটনা চাদুল্লা, ভাচানীৰ দিনৰ পৰা হৈ আছে।
Published by:Sanjay Kumar Das
First published: