• Home
  • »
  • News
  • »
  • assam
  • »
  • আব্দুল খালেকহঁত অনুপ্ৰৱেশকাৰী, বাহিৰৰ পৰা আহি অনুপ্ৰৱেশ কৰা মানুহ : জয়ন্ত মল্ল বৰুৱা

আব্দুল খালেকহঁত অনুপ্ৰৱেশকাৰী, বাহিৰৰ পৰা আহি অনুপ্ৰৱেশ কৰা মানুহ : জয়ন্ত মল্ল বৰুৱা

জয়ন্ত মল্ল বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘যিসকলে অসমৰ ইতিহাস নাজানে তেওঁলোকেহে এইবিলাক কথা ক'ব। অসমবাসী, ভাৰতবাসীৰ দুৰ্ভাগ্য যে আমি মোগল আৰু ইংৰাজৰ বুৰঞ্জী পঢ়িবলগা হৈছে। এইবোৰ আমাৰ বুৰঞ্জী নহয়।’’

  • Share this:
আব্দুল খালেকক দুলাধুনা দিলে বিধায়ক জয়ন্ত মল্ল বৰুৱাই। মোগল প্ৰসংগক লৈ জয়ন্ত মল্ল বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘যিসকলে অসমৰ ইতিহাস নাজানে তেওঁলোকেহে এইবিলাক কথা ক'ব। অসমবাসী, ভাৰতবাসীৰ দুৰ্ভাগ্য যে আমি মোগল আৰু ইংৰাজৰ বুৰঞ্জী পঢ়িবলগা হৈছে। এইবোৰ আমাৰ বুৰঞ্জী নহয়। কালিকা পুৰাণ, বেদ, উপনিষদ আদিহে আমাৰ বুৰঞ্জী। এইবোৰ বুৰঞ্জীহে পঢ়িব লাগে।’’

‘‘আব্দুল খালেকহঁত অনুপ্ৰৱেশকাৰী, বাহিৰৰ পৰা আহি অনুপ্ৰৱেশ কৰা মানুহ। মোগলেতো সদায় মোগলৰ কথাকেই ক’ব। তেওঁলোকে বাহিৰৰ পৰা আহি দখলদাৰী চলালে,এতিয়া সেইটোকে স্থাপন কৰিব বিছাৰিছে।’’ – মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ।

তেওঁ কয়, খালেক নিজেই এজন অসমীয়া ছাত্ৰ। তেওঁ কালিকা পুৰাণৰ কথা জানে। তেওঁ ৰাজনৈতিক উদ্দেশ্যৰ বাবে এনে কথা কৈছে। তেওঁলোকে অনুপ্ৰৱেশ কৰি আমাৰ ইয়াত প্ৰৱেশ কৰিব, আৰু আমাৰ মঠ–মন্দিৰত ভূমি দান দিয়াৰ কথা ক'ব। অসমবাসীয়ে এওঁলোকক ঘৃণাৰ চকুৰে চাব লাগে। অসমৰ বুৰঞ্জী বিকৃত কৰা মানুহক অসমবাসীয়ে শত্ৰু জ্ঞান কৰিব লাগে। এনে অনুপ্ৰৱেশকাৰী দলক অসমৰ পৰা নিচিহ্ন কৰিব লাগিব। সেয়া লাগিলে কংগ্ৰেছে হওক বা এই আই ইউ ডি এফ হওক।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি