BJPৰে মিত্ৰতা ভংগ কৰিবলৈ সাজু হাগ্ৰামাৰ BPF! কোনে দিলে ইংগিত?

News18 Assam | News18-Assam
Updated:October 16, 2020, 9:42 AM IST
BJPৰে মিত্ৰতা ভংগ কৰিবলৈ সাজু হাগ্ৰামাৰ BPF! কোনে দিলে ইংগিত?
AIUDFৰ বিধায়কৰ দাবী,  BJP বিৰোধী সকলো দল একত্ৰিত হৈ ৰাইজৰ সেৱাত ব্ৰতী হোৱা উচিত৷ এইক্ষেত্ৰত BTRৰ দলটোৱে মহাজোঁট বন্ধনত সোমাব৷ 

AIUDFৰ বিধায়কৰ দাবী,  BJP বিৰোধী সকলো দল একত্ৰিত হৈ ৰাইজৰ সেৱাত ব্ৰতী হোৱা উচিত৷ এইক্ষেত্ৰত BTRৰ দলটোৱে মহাজোঁট বন্ধনত সোমাব৷ 

  • Share this:
শাসকীয় মিত্ৰজোঁটত থাকিও BJP–এ সংগ দিয়া নাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFক৷ পূৰ্বৰ BTAD তথা বৰ্তমানৰ BTRৰ নিৰ্বাচনত BPFৰ সৈতে মিত্ৰতা নকৰি নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিছে BJP–এ৷ যাক লৈ ভীষণ অস্বস্তিত পৰি আছে BPF৷ এনে সন্ধিক্ষণত শাসকীয় BJPৰ সৈতে মিত্ৰতা ভংগৰ বাবে গোপনে আগবাঢ়িছে BPF৷

BPFৰ দলীয় কোনো নেতাই মুকলিকৈ BJPৰে মিত্ৰতা ভংগৰ কথা এই পৰ্যন্ত সদৰি কৰা নাই৷ কিন্ত দলীয় সূত্ৰই এই কথাক স্বীকাৰ কৰিছে৷ এনে সময়তে AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে বৃহস্পতিবাৰে দিলে এক গুৰুতৰ ইংগিত৷

AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে ক'লে- “কংগ্ৰেছ-AIUDFৰ মহাজোঁট বন্ধনত আহিব BTRৰ এটা দল৷ এইক্ষেত্ৰত মহাজোঁট বন্ধনৰ গোটৰে চলিছে দলটোৰ আলোচনা৷”

পিছে কোন এই দল? এই প্ৰশ্ন পোনপটীয়াকৈ বিধায়ক হাফিজ ৰফিকুল ইছলামক কৰাত তেওঁ ক'লে- “BJPয়ে BPFক তৰপাইছে৷ BTRৰ নিৰ্বাচনত BPFৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিছে BJP–এ৷ এইবোৰ কথা সমগ্ৰ ৰাইজে দেখিছে৷ হাগ্ৰামা মহিলাৰীয়ে ভালকৈ বুজিছে BJPক৷”

AIUDFৰ বিধায়কৰ দাবী,  BJP বিৰোধী সকলো দল একত্ৰিত হৈ ৰাইজৰ সেৱাত ব্ৰতী হোৱা উচিত৷ এইক্ষেত্ৰত BTRৰ দলটোৱে মহাজোঁট বন্ধনত সোমাব৷

BPFৰ দলীয় সূত্ৰই সদৰী কৰা মতে, সকলো ঠিকে ঠাকে আগবাঢ়িলে ডিচেম্বৰত BTRৰ নিৰ্বাচনৰ পিছতে BJPৰ সংগ ত্যাগ কৰিব BPF–এ৷ BJPৰ সংগ ত্যাগ কৰি অৰ্থাৎ BJP মিত্ৰজোঁটৰ চৰকাৰৰ পৰা আঁতৰি যোগ দিব কংগ্ৰেছ-AIUDFৰ মহাজোঁট বন্ধনত৷

অৱশ্যে BTR নিৰ্বাচনৰ দিন এই পৰ্যন্ত ঠিক কৰা নাই ৰাজ্যিক নিৰ্বাচন আয়োগে৷
Published by: Sanjay Kumar Das
First published: October 16, 2020, 9:42 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading