অপেক্ষা ৩১ আগষ্ট, NRC প্ৰকাশৰ পাছত ৰাজ্য চৰকাৰে পালন কৰিব নিজৰ দায়িত্ব!

খিলঞ্জীয়া ভূমিপুত্ৰ বাদ পৰিব নোৱাৰিব: বিধায়ক নোমল মমিন

News18-Assam
Updated:August 13, 2019, 4:20 PM IST
অপেক্ষা ৩১ আগষ্ট, NRC প্ৰকাশৰ পাছত ৰাজ্য চৰকাৰে পালন কৰিব নিজৰ দায়িত্ব!
খিলঞ্জীয়া ভূমিপুত্ৰ বাদ পৰিব নোৱাৰিব: বিধায়ক নোমল মমিন
News18-Assam
Updated: August 13, 2019, 4:20 PM IST
বলেন ভট্টাচাৰ্য্য: NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাম কাজত অসন্তুষ্ট বোকাজানৰ বিধায়ক ডা০ নোমল মমিন ৷ ৩১ আগষ্টত প্ৰকাশ হবলগীয়া NRCত খিলঞ্জীয়া ভূমিপুত্ৰৰ পৰিৱৰ্তে বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সন্দেহ বিধায়কগৰাকীৰ ৷ NRC ৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কু–চক্ৰান্তৰ বাবে অবৈধ নাগৰিকে NRC ত সন্নিবিষ্ট কৰিলে কৰিলে বুলি গুৰুতৰ অভিযোগ  বিধায়ক নোমল মমিনৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত কিন্তু সেয়া কেতিয়াও হ’বলৈ নিদিয়ে বুলি দাবী বোকাজানৰ বিধায়ক গৰাকীৰ ৷



৩১ আগষ্টত উচ্চতম ন্যায়লয়ৰ নিৰ্দেশত NRC প্ৰকাশৰ পিছত ৰাজ্য চৰকাৰে নিজে লব নিজৰ দায়িত্ব ৷ পিছে কি দাযিত্ব পালন কৰিব, বাদ পৰা লোকৰ নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব সেয়া কিন্তু স্পষ্টকৈ নক’লে বিধায়কগৰাকীয়ে ৷ বিজেপি বিধায়কগৰাকীয়ে লগতে কয় ৩৩ বছৰৰ অপেক্ষাত প্ৰকাশ হবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এতিয়া ৰক্ষা কবছৰ পৰিবৰ্তে বীহ গুটিলৈ পৰ্য্যবেশিত ৷ সেয়া NRCৰ তালিকা প্ৰকাশৰ পাছত বৃদ্ধি হব সমস্যা ৷

সমগ্ৰ অসমবাসীক ঘোৰ অন্ধকাৰত ৰাখি ২৭% নথী পুনৰীক্ষণ কৰাৰ তথ্য দিছে আদালতত।  কিন্তু সেয়া সত্য নহয় বুলি অভিযোগ বিধায়ক গৰাকীৰ ৷ গণতন্ত্ৰত ৰাইজে ৰজা গতিকে ৰাইজে কি বিচাৰিছে তাৰ ওপৰত সকলো নিৰ্ভৰ কৰিব ৷ আনকি উচ্চতম ন্যায়লয়তকৈ ৰাইজৰ আদালত ডাঙৰ বুলি মন্তব্য বিজেপি বিধায়কগৰাকীৰ ৷
আৰু চাওক পৰৱৰ্তী বাতৰি