
অৱশ্যে বিধায়ক ডাঃ নোমল মমিনে অসম বিধানসভাৰ উপাধ্যক্ষ পদ লাভ কৰা সম্পৰ্কত এই পৰ্যন্ত একো আনুষ্ঠানিক পত্ৰ লাভ কৰা নাই।
অৱশ্যে বিধায়ক ডাঃ নোমল মমিনে অসম বিধানসভাৰ উপাধ্যক্ষ পদ লাভ কৰা সম্পৰ্কত এই পৰ্যন্ত একো আনুষ্ঠানিক পত্ৰ লাভ কৰা নাই।
অসম বিধানসভাৰ পৰৱৰ্তী উপাধ্যক্ষ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনৰ। অসম বিধানসভাৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ শপত গ্ৰহণৰ প্ৰাকমুহূৰ্তত কাৰ্বি আংলং জিলাৰ বোকাজান সমষ্টিৰ বিজেপি বিধায়কগৰাকীৰ নাম অধিক চৰ্চিত হৈছে পঞ্চদশ অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে।
অৱশ্যে বিধায়ক ডাঃ নোমল মমিনে অসম বিধানসভাৰ উপাধ্যক্ষ পদ লাভ কৰা সম্পৰ্কত এই পৰ্যন্ত একো আনুষ্ঠানিক পত্ৰ লাভ কৰা নাই। উল্লেখযোগ্য যে অসম বিধানসভাৰ আগন্তুক অধিৱেশনত প্ৰটেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে নৱ নিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰাব। তাৰ পিছতেই অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচন হ’ব। এইপৰ্যন্ত অধ্যক্ষ হিচাপে পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীৰ নাম চৰ্চিত হোৱাৰ দৰেই উপাধ্যক্ষ হিচাপে চৰ্চাত আছে ডাঃ নোমল মমিনৰ নাম।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|