প্ৰতিশ্ৰুতিবোৰ ভাল! ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গংগোত্ৰীক প্ৰতিশ্ৰুতি দি হতাশ কৰিলে বিধায়ক ডিম্বেশ্বৰ দাসে

News18 Assam | News18-Assam
Updated:September 15, 2020, 10:03 AM IST
প্ৰতিশ্ৰুতিবোৰ ভাল! ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গংগোত্ৰীক প্ৰতিশ্ৰুতি দি হতাশ কৰিলে বিধায়ক ডিম্বেশ্বৰ দাসে
ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসে খেলুৱৈগৰাকীৰ ঘৰলৈ গৈ এখন চাইকেল দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসে খেলুৱৈগৰাকীৰ ঘৰলৈ গৈ এখন চাইকেল দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

  • News18 Assam
  • Last Updated: September 15, 2020, 10:03 AM IST
  • Share this:
এগৰাকী উদীয়মান ৰাষ্ট্ৰীয় খেলুৱৈক কথা দিও কথা ৰাখিব নোৱাৰিলে ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসে। বিধায়কগৰাকীয়ে উৎসাহৰ পৰিৱৰ্তে হতাশ কৰিছে প্ৰতিভাবান খেলুৱৈক।এই অভিযোগ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈগৰাকীৰ মাতৃৰ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাইক্লিং খেলুৱৈগৰাকী হৈছে ৰহাৰ কটহগুৰিৰ গংগোত্ৰী বৰদলৈ। বিগত তিনি-চাৰি বছৰ ধৰি গংগোত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন চাইক্লিং প্ৰতিযোগিতাত অসমৰ পৰা প্ৰতিনিধিত্ব কৰি একাধিক সোণ–ৰূপৰ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা "খেল' ইণ্ডিয়া'ত গংগোত্ৰীয়ে চাইক্লিঙত তিনিটাকৈ সোণ আৰু ৰূপৰ পদক লাভ কৰি অসমক জিলিকাই তুলিছিল।

ইয়াৰ পিছতে ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসে খেলুৱৈগৰাকীৰ ঘৰলৈ গৈ এখন চাইকেল দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিয়নো প্ৰতিযোগিতাৰ বাবে গংগোত্ৰীক এখন উন্নত তথা আধুনিক চাইকেলৰ প্ৰয়োজন। পুৰণি চাইকেলখনকে লৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে আন্তঃৰাষ্ট্রীয় প্ৰতিযোগিতাত খেলাৰ হেঁপাহ পুহি ৰখা গংগোত্ৰীয়ে। কিন্তু আঠ-ন মাহ পাৰ হোৱাৰ পিছতো বিধায়কগৰাকীয়ে নিজৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে।

গংগোত্ৰীৰ পৰিয়ালে এইক্ষেত্ৰত সঘনে বিধায়কগৰাকীৰ লগত যোগাযোগ কৰে যদিও বিধায়কগৰাকীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। কথাই প্ৰতি কেৱল উন্নয়নৰ কথা কোৱা ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসে ৰাষ্ট্ৰীয় খেলুৱৈক হতাশ কৰা এনে প্ৰৱঞ্চনাই প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।
Published by: Sanjay Kumar Das
First published: September 15, 2020, 10:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading