বিধায়ক আশ্ৰাফুল হুছেইনৰ (Ashraful Hussain) বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। এগৰাকী যুৱতীৰ অপহৰণত জড়িত থকাৰ অভিযোগ উঠিছে বিধায়কজনৰ বিৰুদ্ধে। এই সন্দৰ্ভত বিজেপি বিধায়ক দিগন্ত কলিতাই (MLA DIganta Kalita) প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।
দিগন্ত কলিতাই কয়, ‘‘ৰিতুল হুছেইন নামৰ লোকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷ যুৱতীগৰাকী ১৯ জুলাইৰ পৰা সন্ধানহীন হৈ আছিল। ২০ জুলাইত এজাহাৰ দাখিল কৰিছিল। ৪৫ দিনৰ পিছত ছোৱালীজনী উদ্ধাৰ হৈছিল৷ দেউতাক এজন চৰকাৰী চাকৰিয়াল৷ ২৫ আগষ্টত ৰিতুল হুছেইনে গুৱাহাটীলৈ আনি আশ্ৰাফুলৰ বিধায়ক আৱাসত দুদিন ৰাখিছিল যুৱতীগৰাকীক। বিধায়কজনে অভিযুক্ত দুজন ডিমাপুৰলৈ টিকট কাটি দিছে৷ ডিমাপুৰত ছোৱালীজনীক যথেষ্ট শাৰীৰিক আৰু মানসিক শাস্তি দিছে৷’’
সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু DGPক তদন্তৰ আহ্বান দিগন্ত কলিতাৰ৷ ৬ নৱেম্বৰ ২০২২ত যুৱতীগৰাকীৰ দেউতাকে FIR দিছে বুলি উল্লেখ কৰি দিগন্ত কলিতাই কয়, ‘‘দেউতাকে মোক লাভ জেহাদৰ কাণ্ড বুলি মোক কৈছে৷ অভিযুক্ত ৰিতুল আলী বিধায়ক আশ্ৰাফুলৰ নিকটতম আত্মীয়৷ সেই কথা FIRত উল্লেখ আছে৷’’
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 08, 2023, 19:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।