মিঞা বুলি কোনো জাতি নাই। বৰ অসম কোনোবাই জুই লগালে, এই জুই আমি লাগিব নিদিওঁ। এই জুই নুমাবল চেষ্টা কৰিম আমি। মিঞা শব্দটো নাইকীয়া কৰিবৰ বাবে মিঞা মিউজিয়াম বন্ধ কৰি অসম চৰকাৰে সঠিক সিদ্ধান্ত লৈছে। এই মন্তব্য বিধায়ক দিগন্ত কলিতাৰ।
কমলপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে কয়, ‘‘মুখ্যমন্ত্ৰীয়ে আৰু বিজেপিয়ে মিয়া জাতিটোক কেতিয়াও ভৱিষ্যতৰ দিনত প্ৰশ্ৰয় নিদিয়ে। অনাগত দিনত এনে নকৰিবলৈ সকীয়াই দিয়া হৈছে। অসমত থকা একাংশ বিধায়ক অসমীয়া নে মিঞা। তেওঁলোক অসমীয়া হ’লে মাত মাতিলেহেঁতেন। ভোট বেংকৰ ৰাজনীতিত কংগ্ৰেছে সদায় মিঞাসকলক তোষামোদ কৰি আহিছে। মিঞা সমৰ্থন কৰা কংগ্ৰেছীসকলে বাংলাদেশলৈ যাওক, তাতে মিঞা পৰিষদ গঠন কৰক আমাৰ আপত্তি নাই।’’ AQIS/ABTৰে লিংক থকা কথাটো কোৱা হৈছে, তাৰ বাবে চৰকাৰে বা গৃহ বিভাগে কঠোৰ ব্যৱস্থা ল’ব লাগে বুলিও কয় কলিতাই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 26, 2022, 13:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।