ছিদ্দিক আহমেদৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ। অসমত জেহাদী বাদেই কোনো বাংলাদেশী নাই বুলি ছিদ্দিক আহমেদে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি দিগন্ত কলিতাই কয়, ‘‘জেহাদীৰ লগত ছিদ্দিক আহমেদৰ সম্পৰ্ক আছে নেকি, যাৰ কাৰণে অসমত জেহাদী নাই বুলি কৈছে? জেহাদীয়ে ছিদ্দিক আহমেদহঁতক অসমৰ মুখপাত্ৰ কৰি দিছে নেকি?’’
বিধায়কগৰাকীয়ে কয়, যদিহে অসমত জেহাদী নাই তেন্তে বঙাইগাঁৱত সেইজন জেহাদী কেনেকৈ ধৰা পৰিল? ভাৰত বৰ্ষৰ অখণ্ডতাৰ ওপৰত ছিদ্দিক আহমেদৰ ওপৰত প্ৰশ্নবোধক চিন অহা বুলিও কয় দিগন্ত কলিতাই।
ছিদ্দিক আহমেদ প্ৰকৃততে ভাৰতীয় হয়নে নহয় তাক লৈও সন্দেহ প্ৰকাশ কৰে দিগন্ত কলিতাই। যদিহে জেহাদীক সমৰ্থন কৰে তেন্তে তেওঁলোকক বাংলাদেশলৈ যোৱাৰ কথাও কয় বিধায়কগৰাকীয়ে। এনেধৰণৰ উচতনিমূলক মন্তব্য নিদিবলৈ সকীয়াই দিয়ে বিধায়ক দিগন্ত কলিতাই।
কমলপুৰ সমষ্টিৰ ডোৰাকঁহৰাত অনুষ্ঠিত এক ফুটবল প্ৰতিযোগিতাত উপস্থিত থাকি এই মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 05, 2022, 09:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।