உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অৱশেষত নিৰ্বাচিত হ'ল বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি

    অৱশেষত নিৰ্বাচিত হ'ল বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি

    দিল্লীৰ হাইকমাণ্ডৰ পৰ্যালোচনাত থকা বিৰোধী দলপতিৰ বিষয়টো আজি দিল্লীৰ পৰা পঠোৱা তালিকাৰ পিছত ইমানতে অন্ত পৰে।

    • Share this:

    কাইলৈ ৰাজ্যৰ পঞ্চদশ বিধানসভাৰ প্ৰথম অধিৱেশন। অধিৱেশনৰ আগদিনা কংগ্ৰেছে বিধায়ক তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াক পুনৰ বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৰূপে নিৰ্বাচিত কৰিছে। দিল্লীৰ হাইকমাণ্ডৰ পৰ্যালোচনাত থকা বিৰোধী দলপতিৰ বিষয়টো আজি দিল্লীৰ পৰা পঠোৱা তালিকাৰ পিছত ইমানতে অন্ত পৰে। আনহাতে উপ–দলপতি ৰূপে ৰকিবুল হুছেইনক, চীফ হুইপ ৰূপে ৱাজেদ আলী চৌধুৰীক আৰু ৰূপজ্যোতি কুৰ্মীক বিধায়িনী দলৰ সচিব ৰূপে নিৰ্বাচিত কৰা হৈছে। লগতে কংগ্ৰেছ বিধায়িনী দলৰ উপ চীফ হুইপ ৰূপে কমলাক্ষ দে' পুৰকায়স্থ, মুখপাত্ৰ ৰূপে সুশান্ত বৰগোহাঁই আৰু ট্ৰেজাৰাৰ ৰূপে ৰেকিবুদ্দিন আহমেদক নিৰ্বাচিত কৰা হৈছে বুলি এক বিবৃতিযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই জানিবলৈ দিছে।

    Published by:Gautam Barman
    First published: