''অসমৰ সকলো বিধায়ককে অপমান কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান (DGP) ভাস্কৰজ্যোতি মহন্তই। বিধায়কক চিনি নাপাওঁ বুলি ঠাট্টাসূচক মন্তব্য কৰা DGPকে অসমৰ মুখ্যমন্ত্ৰী পাতি দিয়ক।'' -দিছপুৰস্থিত বিধায়কৰ চৰকাৰী আৱাসত সংবাদমেল অনুষ্ঠিত কৰি এই দাবী উত্থাপন কৰিছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থই।
''উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়কক DGP ভাস্কৰজ্যোতি মহন্তই অপমান কৰিছে। DGPয়ে কৈছে মই পুলিচ, এমএলএ,–চেমেলে চিনি নাপাওঁ। DGPৰ এই মন্তব্যই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো চূড়ান্তভাৱে অপমান কৰিছে। এইক্ষেত্ৰত DGPকে অসমৰ মুখ্যমন্ত্ৰী পাতি দিয়ক'' বুলি কটাক্ষ কৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলক্ষ দে' পুৰকায়স্থই।
পুৰকায়স্থই কয় যে যদি MLA একো নহয়, যিমান ASSEMBLY কমিটী আছে সকলো ভাঙি দিব লাগে। মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁৰ নিৰ্দেশ মতে পুলিচ আৰু উপাযুক্তই কাম কৰিছে। DGPএ যদি MLA কোন বুলি কয়, শাসন ব্যৱস্থা কেনেকৈ চলিব বুলিও প্ৰশ্ন কৰে কমলাক্ষ দে' পুৰকায়স্থই ।
পুৰকায়স্থৰ মতে, MLA কোন বুলি কৈ গোটেই জনতাক অপমান কৰিলে DGPয়ে। বিধানসভাৰ বাজেটত পুলিচৰ Dress কিনা দৰমহাৰ বাবে আমিয়েই বিল পাছ কৰোঁ বুলি উল্লেখ কৰি কমলাক্ষ দে' পুৰকায়স্থই বিষয়টো Privilege কমিটীত উত্থাপন কৰিব বুলিও কয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|