অগতানুগতিক কৰ্মৰে সময়ে সময়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰি অহা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজে চাউল আৰু আলুৰ বস্তা পিঠিত কঢ়িয়াই দেওবাৰে নগাঁও সদৰ সমষ্টিৰ বানপীড়িত ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰে।
নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বানে ক্ষতিগ্ৰস্ত কৰা শুকতিপোতা, ৰাঙলুমুখ আৰু লো-মাটি অঞ্চলৰ বানপীড়িত ৰাইজৰ মাজত বিধায়ক কুৰ্মীয়ে তিনিখন টাটা মোবাইল গাড়ীত মৰিয়নিৰ পৰা কঢ়িয়াই অনা তিনি লক্ষাধিক টকা মূল্যৰ চাউল, দাইল, আলু, পিঁয়াজ, খোৱাপানীৰ বটল, চেনেটেৰী নেপকিন আদি বিতৰণ কৰে।
উল্লেখ্য যে বিধায়ক কুৰ্মীৰ উদ্যোগত মৰিয়নি আৰু চেলেংহাট বিজেপি মণ্ডলৰ লগতে ড০ হিমন্ত বিশ্ব শৰ্মা ফেন ক্লাবৰ সহযোগত আজি নগাঁও সদৰ সমষ্টিৰ বানপীড়িত ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰে।
আনহাতে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বান বিধ্বস্ত শুকতিপোতা অঞ্চলত উপস্থিত হৈ বিধায়ক কুৰ্মীয়ে নিজে পিঠিত চাউল আৰু আলুৰ বস্তাৰ বোজা লৈ বানাক্ৰান্তক বানসাহায্য আগবঢ়ায়।
বানপীড়িত ৰাইজক সাহায্য আগবঢ়াই বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়- ''নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ পৰা নগাঁও সদৰ সমষ্টিৰ কেতবোৰ অঞ্চলত বানে বিস্তৰ ক্ষতি কৰা বুলি জানিব পাৰি মৰিয়নিৰ ৰাইজ আৰু ড০ হিমন্ত বিশ্ব শৰ্মা ফেন ক্লাবৰ সহযোগত নগাঁৱত বান সাহায্য বিতৰণ কৰিবলৈ আহোঁ। এই সময়ত বানাক্ৰান্ত ৰাইজক মানুহৰ সহায় সহযোগিতাৰ প্ৰয়োজন।''
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মপটুতা আৰু কৰ্মদক্ষতাৰ পৰা প্ৰেৰণা লাভ কৰা বুলি উল্লেখ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নীতি আৰু কৰ্ম সংস্কৃতিৰ ফালৰ পৰা বিজেপি আৰু কংগ্ৰেছৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে বুলি মন্তব্য কৰে।
আনহাতে আগতীয়াকৈ জাননী নিদিয়াকৈ জলবিদ্যুৎ প্রকল্পসমূহে পানী এৰি দিয়াৰ বাবে বানত অসমৰ ৰাইজৰ ক্ষতি হোৱা বুলি মন্তবা কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাধান কৰাত কেন্দ্ৰীয় চৰকাৰে উদ্যোগ ল'ব বুলি আশা ব্যক্ত কৰে ।
Published by: Gautam Barman
FIRST PUBLISHED : July 04, 2022, 01:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।