টিংখাঙত ঘৰে ঘৰে গৈ সজাগতা অনাৰ চেষ্টা বিধায়ক বিমল বৰাৰ

News18 Assam | News18-Assam
Updated:May 23, 2020, 10:55 AM IST
টিংখাঙত ঘৰে ঘৰে গৈ সজাগতা অনাৰ চেষ্টা বিধায়ক বিমল বৰাৰ
টিংখাঙৰ নিজ নিজ ঘৰত প্ৰৱেশ কৰা অধিকাংশ বহিঃৰাজ্যৰ পৰা অহা লোকেই সতৰ্কতা অৱলম্বন নকৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই এই পদক্ষেপ হাতত লোৱা বুলি জনায় বিধায়কগৰাকীয়ে৷

টিংখাঙৰ নিজ নিজ ঘৰত প্ৰৱেশ কৰা অধিকাংশ বহিঃৰাজ্যৰ পৰা অহা লোকেই সতৰ্কতা অৱলম্বন নকৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই এই পদক্ষেপ হাতত লোৱা বুলি জনায় বিধায়কগৰাকীয়ে৷

  • Share this:
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা৷ বহিঃৰাজ্যৰ পৰা হাজাৰ হাজৰ লোক আহি অসমত প্ৰৱেশ কৰাৰ পিছতেই ৰাজ্যত বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা৷ এই সময়খিনিতে বহিঃৰাজ্যৰ পৰা আহি অসমৰ নিজ গাঁৱত উপস্থিত হোৱা লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে টিংখাঙত ঘৰে ঘৰে গৈ উপস্থিত হৈছে বিধায়ক বিমল বড়াৰ লগতে প্ৰশাসনৰ এটা দল৷

টিংখাঙৰ নিজ নিজ ঘৰত প্ৰৱেশ কৰা অধিকাংশ বহিঃৰাজ্যৰ পৰা অহা লোকেই সতৰ্কতা অৱলম্বন নকৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই এই পদক্ষেপ হাতত লোৱা বুলি জনায় বিধায়কগৰাকীয়ে৷ উল্লেখযোগ্য যে, ত্ৰিপুৰাৰ লগতে অন্য ৰাজ্যৰ পৰা ইতিমধ্যে ডিব্ৰুগড় জিলাৰ টিংখাঙত প্ৰৱেশ কৰিছে ১৫০ জনৰো অধিক লোক৷ যিসকল লোকক বহিঃৰাজ্যৰ পৰা আনি কাজিৰঙাৰ স্ক্ৰিণিং চেণ্টাৰত স্বাস্থ্য পৰীক্ষা কৰি চাৰিদিন অতিক্ৰম কৰাৰ অন্তত ১৪ দিনৰ হোম কোৱাৰেণ্টাইনলৈ পঠোৱা হৈছে, তেঁওলোকে বৃহস্পতিবাৰে সন্ধিয়া টিংখাঙৰ নিজ নিজ ঘৰত প্ৰৱেশ কৰে৷

এইসকল লোকৰ অধিকাংশই বিশেষ সতৰ্কতা অৱলম্বন নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ফলত শুকুৰবাৰে টিংখাঙৰ বিধায়ক বিমল বড়াৰ নেতৃত্বত স্থানীয় প্ৰশাসনিক বিষয়া, আৰক্ষী বিষয়া, স্বাস্থ্যকৰ্মী, স্থানীয় গাওঁবুঢ়াসহ এটা দলে বহিঃৰাজ্যৰ পৰা অহা প্ৰতিগৰাকী লোকৰ ঘৰে ঘৰে গৈ তেওঁ লোকক চৰকাৰী নীতি–নিৰ্দেশনা আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনায়।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading